অশোক চক্ৰ (পদক)
From Wikipedia, the free encyclopedia
অশোক চক্ৰ ভাৰত সৰ্বোচ্চ শান্তিকালীন সাহসিকতাৰ সৰ্বোচ্চ সামৰিক পদক। যুদ্ধক্ষেত্ৰৰ বাহিৰে আন ঠাইত অতুলনীয় সাহস আৰু আত্মত্যাগ প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে এই পদক প্ৰদান কৰা হয়। এই পদক মৰণোত্তৰ ভাৱেও প্ৰদান কৰা হয়। এই পদক সামৰিক আৰু অসামৰিক যিকোনো ব্যক্তিয়ে লাভ কৰিব পাৰে। ই আমেৰিকা যুক্তৰাষ্ট্ৰ শান্তিকালীন মেডেল অফ অনাৰ আৰু যুক্তৰাজ্যৰ জৰ্জ ক্ৰচৰ সমতুল্য। ১৯৫২ চনত পোনপ্ৰথম বাৰৰ বাবে এই পদক প্ৰদান কৰা হৈছিল আৰু সুহাস বিশ্বাস, নৰবাহাদুৰ থাপা, বাচিত্ৰৰ সিঙে প্ৰথমে অশোক চক্ৰ লাভ কৰিছিল। প্ৰথমতে অশোকচক্ৰ শ্ৰেণী ১ হিচাপে জনাজাত এই পদকক ১৯৬৭ চনত অশোকচক্ৰ নাম দিয়া হয়। তেতিয়াৰ অশোকচক্ৰ শ্ৰেণী ২ আৰু শ্ৰেণী ৩ পদকক পিছলৈ কীৰ্তি চক্ৰ আৰু শৌৰ্য চক্ৰ নাম দিয়া হয়।[2]
অশোক চক্ৰ | ||
বঁটাৰ তথ্য | ||
---|---|---|
প্ৰকাৰ | সামৰিক বঁটা | |
শ্ৰেণী | শান্তিকালীন সাহসিকতাৰ সৰ্বোচ্চ পদক | |
বৰ্ণনা | বৃত্তাকাৰ পদকৰ মাজত অশোক চক্ৰ আৰু তাৰ চাৰিওফালে পদুম খোদিত থাকে। পিছফালে ইংৰাজী আৰু হিন্দী ভাষাত অশোক চক্ৰ বুলি লিখা থাকে। | |
প্ৰতিষ্ঠা | ১৯৫২ | |
অন্তিমবাৰ প্ৰদান | ২০১৮ | |
মুঠ প্ৰদানৰ সংখ্যা | ৮৫ (২০১৯ চনলৈ)[1] | |
প্ৰদানকৰ্তা | ভাৰত চৰকাৰ | |
প্ৰথম প্ৰাপক | সুহাস বিশ্বাস নৰবাহাদুৰ থাপা বাচিত্ৰৰ সিং | |
অন্তিম প্ৰাপক | নাজিৰ আহমেদ ৱানী, ২০১৯ | |
বঁটাৰ মৰ্যদা | ||
পৰমবীৰ চক্ৰ ← অশোক চক্ৰ → পদ্মবিভূষণ |
অশোক চক্ৰ প্ৰথম বৰ্গৰ পদক। ইয়াৰ লগতে শান্তিকালীন সাহসিকতাৰ বাবে ভাৰত চৰকাৰে দ্বিতীয় আৰু তৃতীয় বৰ্গৰ কীৰ্তি চক্ৰ আৰু শৌৰ্য চক্ৰ প্ৰদান কৰে।