আদ্যপ্ৰাণী
এককোষী প্ৰাণী। / From Wikipedia, the free encyclopedia
আদ্যপ্ৰাণী বা প্ৰ'ট'জ'ৱা (ইংৰাজী: Protozoa; লগতে protozoan, বহুবচনত protozoans) হৈছে এককোষী সংকোষকেন্দ্ৰীৰ বাবে ব্যৱহাৰ কৰা এটা সাধাৰণ নাম। এই জীৱবোৰ স্ব−জীৱি নাইবা পৰজীৱি, যিবোৰে জৈৱ পদাৰ্থ যেনে অন্য সুক্ষ্মজীৱ বা জৈৱ কলা আৰু অৱশেষ আহাৰ হিচাপে গ্ৰহণ কৰি জীয়াই থাকে।[1][2] ঐতিহাসিকভাৱে আদ্যপ্ৰাণীবোৰ, "এককোষী প্ৰাণী" বুলি গণ্য কৰা হৈছিল, কাৰণ ইহঁতৰ স্বভাৱ প্ৰাণীৰ দৰে, আৰু উদ্ভিদ বা অন্য প্ৰায়বোৰ শেলাইৰ দৰে ইহঁতৰ কোষ বেৰ নাথাকে।[3][4] আদিতে ইহঁতক প্ৰাণী বুলি গণ্য কৰা হৈছিল বৰ্তমান যদিও বৰ্তমান ই বৈধ নহয়। বৰ্তমান মুক্তভাৱে জীয়াই থকা পৰপোষী এককোষী জীৱৰ চিনাক্তকৰণত আদ্যপ্ৰাণী শব্দটো ব্যৱহাৰ কৰা হয়।
কিছুমান জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনত, প্ৰ'ট'জ'ৱা এক উচ্চ-পৰ্যায়ৰ বৰ্গীয় গোট। ১৮১৮ চনত প্ৰথম চিনাক্তকৰণত ইয়াক বৰ্গীকৰণৰ শ্ৰেণী হিচাপে ৰখা হৈছিল, কিন্তু পৰৱৰ্তী সময়ৰ শ্ৰেণীবিভাজনত ইয়াক পৰ্ব, উপৰাজ্য আৰু জগতৰ দৰে উচ্চ স্থানত স্থান দিয়া হয়। থমাছ কেভেলিয়াৰ-স্মিথ আৰু তেঁওৰ সহযোগীসকলে প্ৰস্তাৱ কৰা শ্ৰেণীবিভাজনত ইয়াক ১৯৮১ চনৰ পৰা এক জগৎ হিচাপে স্থান দিছিল।[5][6][7] ২০১৫ চনত ৰুজেৰ’ আৰু তেঁওৰ সহযোগীসকলে প্ৰস্তাৱ কৰা সাত−ৰাজ্য পদ্ধতিত প্ৰ'ট'জ'ৱাৰ অন্তৰ্গত বিভাগবোৰ হৈছে: ইউগ্লেন'জ'ৱা, এমিব'জ'ৱা, মেটাম'নাডা, চোৱান'জ'ৱা ছেন্সো কেভেলিয়াৰ-স্মিথ, ল'ক'জ'ৱা, পেৰক'ল'জ'ৱা, মাইক্ৰ'স্পৰিডিয়া আৰু ছালক'জ'ৱা। উল্লেখ্য যে, এই ৰাজ্যত পৰম্পৰাগতভাৱে প্ৰ'ট'জ'ৱাত স্থান দিয়া চিলিয়েট, ডাইন'ফ্লেজেলেট, ফ'ৰমিনিফেৰা, আৰু পৰজীৱি এপিকমপ্লেক্সান্স আদিক বাদ দিয়া হৈছে, এইবোৰক ক্ৰ'মিষ্টা নামৰ অন্য এক ৰাজ্যত অন্তৰ্ভূক্ত কৰা হৈছে। এই পদ্ধতিৰ সংজ্ঞামতে, প্ৰ'ট'জ'ৱা ৰাজ্য প্ৰকৃততে এক প্ৰাকৃতিক গোট বা ক্লেড নহয়, কিন্তু ই এটা পেৰাফাইলেটিক গোট বা বিৱৰ্তিত পৰ্যায় (evolutionary grade), যাৰ পৰা ভেঁকুৰ, প্ৰাণী আৰু ক্ৰ'মিষ্টাৰ সদস্যবোৰ বিৱৰ্তিত হৈছে বুলি ভবা হয়।