আৰ্কিমিডিছ
From Wikipedia, the free encyclopedia
আৰ্কিমিডিছ (ইংৰাজী: Archimedes) এগৰাকী গ্ৰীক গণিতজ্ঞ, পদাৰ্থবিজ্ঞানী, প্ৰকৌশলী, জ্যোতিৰ্বিজ্ঞানী তথা দাৰ্শনিক আছিল। খ্ৰীষ্টপূৰ্ব ২৮৭ ত চিচিলি দ্বীপৰ ছিৰাকিকিউজত আৰ্কিমিডিছৰ জন্ম হয়। তেওঁৰ পিতৃ জ্যোতিৰ্বিজ্ঞানী আছিল। আলেকজেন্দ্ৰিয়াত তেওঁ পঢ়া-শুনা কৰিছিল৷ আৰ্কিমিডিছে আৱিষ্কাৰ কৰিছিল বিজ্ঞানৰ এক নতুন সূত্ৰ: প্লাৱিতাৰ সূত্ৰ। শ্ৰমিকসকলৰ কষ্ট লাঘৱ কৰিবলৈ তেওঁ কেটাপুল্ট উদ্ভাৱন কৰিছিল। জলসিঞ্চনৰ সুবিধাৰ বাবে জলস্ত্ৰ আৱিষ্কাৰ কৰিছিল। তেওঁৰ 'On The Sphere and Cylinder' নামৰ দুটা খণ্ডত বিভক্ত এখন জ্যামিতি সম্বন্ধীয় গ্ৰন্থ আছে য'ত ষাঠিটা প্ৰমেয় আছে। 'The Measurement of A Circle' এখন সৰু গ্ৰন্থ য'ত মাত্ৰ তিনিটা প্ৰমেয় আছে। 'On Conoids and Spheroids' নামৰ গ্ৰন্থখনত বত্ৰিশটা প্ৰমেয় আছে। 'On Spirals' নামৰ গ্ৰন্থখনত আঠাইশটা প্ৰমেয় আছে। 'Quadrature of A Parabola' গ্ৰন্থত চৌবিছটা প্ৰমেয় আছে। 'On Plane Equilibrium' আৰু 'On Floating Bodies' গ্ৰন্থ দুখন আৰ্কিমিডিছৰ গণিতলৈ উল্লেখযোগ্য অৱদান। ১৯০৬ চনত জে এল হিবাৰ্গে আৰ্কিমিডিছৰ 'Method' গ্ৰন্থখন উদ্ধাৰ কৰে। ইয়াত আৰ্কিমিডিছে তেওঁৰ আৱিষ্কৃত প্ৰমেয়বোৰ কেনেদৰে প্ৰমাণ কৰিছিল, তাৰ পদ্ধতি সম্বন্ধে আলোচনা কৰিছে। খ্ৰীষ্টপূৰ্ব ২১২ চনত আৰ্কিমিডিছৰ মৃত্যু হয়৷[1][2]
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
সম্পূৰ্ণ নাম | আৰ্কিমিডিছ |
---|---|
জন্ম | c. ২৮৭ খ্ৰীষ্টপূৰ্ব Syracuse, Sicily Magna Graecia |
মৃত্যু | c. ২১২ খ্ৰীষ্টপূৰ্ব সিৰাকস |
যুগ | সুপ্ৰাচীন দৰ্শন |
অঞ্চল | গ্ৰীক দাৰ্শনিক |
ধাৰা | আলেকজেণ্ড্ৰিয়াৰ ইউক্লিড সাধাৰণ দৰ্শণ |
আগ্ৰহ | গণিত, পদাৰ্থ বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান |
উল্লেখযোগ্য কৰ্ম | Fluid statics, লিভাৰ, infinitesimals |