ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ ২০১৩
From Wikipedia, the free encyclopedia
২০১৩ বৰ্ষৰ ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ, সংক্ষেপে আই পি এল ৬ বা আই পি এল ২০১৩ হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ দ্বাৰা ২০০৭ চনত প্ৰতিষ্ঠাপিত ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ ষষ্ঠ বৰ্ষ। ২০১৩ চনৰ ৩ এপ্ৰিলত আৰম্ভ হোৱা প্ৰতিযোগিতাখন ২৬ মে'লৈকে চলিব আৰু এইবাৰ মুঠ ৯টা দলে অংশগ্ৰহণ কৰিছে।[1] ২০১৩ চনৰ ২ এপ্ৰিল তাৰিখে কলকাতাৰ ছল্ট লে'ক ষ্টেডিয়ামত এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান আয়োজিত হয়। প্ৰতিযোগিতাখনত পেপছিক'ই শিৰোনাম স্পনছৰ কৰা এইটো প্ৰথম বৰ্ষ। এই বৰ্ষৰ আই পি এলৰ ডিফেণ্ডিং চেম্পিয়ন হ'ল কলকাতা নাইট ৰাইডাৰ্ছ, তেওঁলোকে ২০১২ চনৰ আই পি এলৰ ফাইনেলত চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰি বিজয়ী হৈছিল।
ক্ষিপ্ৰ তথ্য ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ ২০১৩, দিনাংক ...
ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ ২০১৩ | |
---|---|
দিনাংক | ৩ এপ্ৰিল ২০১৩ – ২৬ মে' ২০১৩ |
প্ৰশাসক(সমূহ) | বি চি চি আই |
ধৰণ | টুৱেণ্টি২০ |
প্ৰতিযোগিতাৰ ধৰণ(সমূহ) | গ্ৰুপ পৰ্যায় আৰু প্লে' অফ |
আয়োজক(সমূহ) | ভাৰত |
দলৰ সংখ্যা | ৯ |
মুঠ খেলৰ সংখ্যা | ৭৬ |
আনুষ্ঠানিক ৱেবছাইট | iplt20.com |
← ২০১২ ২০১৪ → |
বন্ধ কৰক