কছাৰী ৰাজ্য
From Wikipedia, the free encyclopedia
ডিমাছা কছাৰী ৰাজ্য (উচ্চাৰণ: kəˈʧɑ:rɪ) অসমত অৱস্থিত এখন জনজাতীয় ৰাজ্য আছিল। ইয়াৰ শাসকসকল আছিল ডিমাছা জনগোষ্ঠীয় লোক। স্থানীয় জনজাতীয় নেতাই শাসন কৰা কছাৰী আৰু আনবোৰ ৰাজ্য (কমতা, চুতীয়া কামৰূপ ৰাজ্যৰ পাছত মধ্যযুগীয় অসমত গঢ় লৈ উঠিছিল। কছাৰী ৰাজ্যৰ অংশবিশেষ ব্ৰিটিছৰ আগমণলৈকে বৰ্তি আছিল। এই ৰাজ্যৰ নামেৰে অসমৰ দুখন জিলা আছে : কাছাৰ আৰু উত্তৰ কাছাৰ (ডিমা হাচাও জিলা)।
ডিমাছা ৰাজ্য ডিমাছা কছাৰী ৰাজ্য | ||||
| ||||
ৰাজধানী | ডিমাপুৰ, মাইবং, খাচপুৰ, হাৰিটিকাৰ | |||
চৰকাৰ | জনজাতীয় ৰাজতন্ত্ৰ | |||
কাল | ভাৰতৰ মধ্যযুগীয় ৰাজ্য | |||
- স্থাপিত | ১০ম শতিকা | |||
- ব্ৰিটিছ শাসিত ভাৰতত অন্তৰ্ভুক্তি | ১৮৩২ | |||
Warning: Value specified for "continent" does not comply |
কছৰী ৰাজ্যৰ আৰম্ভণিৰ ইতিহাস স্পষ্ট নহয়।[1] পৰম্পৰাগত তথ্য অনুসৰি ৰাজনৈতিক অস্থিৰতাৰ বাবে কছাৰী ডিমাচাসকলে প্ৰাচীন কালত কামৰূপ ৰাজ্য ত্যাগ কৰিবলগীয়া হৈছিল। বহু লোকে ব্ৰহ্মপুত্ৰ (ডিমাচাত দিলৌ) পাৰ কৰিব নোৱাৰি উত্তৰ পাৰতে থাকি গৈছিল আৰু তেওঁলোক পাছলৈ বড়ো বুলি জনাজাত হৈছিল। নদী পাৰ কৰাসকল ডিমাচা (অৰ্থ- নদীৰ পুত্ৰ) বুলি জনাজাত হ'ল। ব্ৰহ্মপুত্ৰৰ কছাৰী ঘাট ইয়াৰেই প্ৰমাণ বুলি ভবা হয়।[2] ডিমাচাসকলে শদিয়াৰ দেৱী কেঁচাই খাইটিক পূজা কৰিছিল।[3] কছাৰীসকলে নিজকে মহাভাৰতৰ ভীম আৰু ডিমাচাৰ ৰাজকুমাৰী হিড়িম্বাৰ পুত্ৰ ঘটোৎকচৰ বংশধৰ বুলি কয়। পাছলৈ তেওঁলোকে মাইবঙত হিন্দু ধৰ্ম গ্ৰহণ কৰে।