কৰম সিং
পৰম বীৰ চক্ৰ প্ৰাপক / From Wikipedia, the free encyclopedia
কৰম সিং (ইংৰাজী: Karam Singh; ১৫ ছেপ্টেম্বৰ ১৯১৫ – ২০ জানুৱাৰী ১৯৯৩) ভাৰতীয় সেনাৰ এজন সৈনিক তথা সুবেদাৰ আৰু সন্মানীয় অধিনায়ক আছিল। তেওঁক ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান বা পদালংকাৰ পৰম বীৰ চক্ৰৰে সন্মানিত কৰা হৈছিল। কৰম সিঙে ১৯৪১ চনত ভাৰতীয় সেনাবাহিনীত যোগদান কৰিছিল। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ বাৰ্মা অভিযানত অংশগ্ৰহণ কৰিছিল আৰু ১৯৪৪ চনত এডমিন বক্সৰ যুদ্ধৰ সময়ত প্ৰদৰ্শন কৰা সাহসিকতাৰ বাবে সামৰিক পদক লাভ কৰিছিল। তেঁও ১৯৪৭ চনত হোৱা ভাৰত-পাকিস্তান যুদ্ধতো সাহসিকতাৰে যুঁজিছিল আৰু তিথৱালৰ দক্ষিণে থকা ৰিচমাৰ গালিৰ এক সেনা ছাউনী (forward post) ৰক্ষা কৰা কাৰ্যত প্ৰদৰ্শন কৰা ভূমিকাৰ বাবে পৰম বীৰ চক্ৰ বঁটা লাভ কৰিছিল। ১৯৪৭ চনত স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতীয় পতাকা উত্তোলন কৰিবলৈ নিৰ্বাচিত হোৱা পাঁচজন সৈনিকৰ ভিতৰত তেওঁ অন্যতম আছিল।পিছলৈ তেওঁক চুবেদাৰ পদবীলৈ পদোন্নতি দিয়া হৈছিল, আৰু ১৯৬৯ চনৰ ছেপ্টেম্বৰ মাহত অৱসৰৰ পূৰ্বে তেওঁক সন্মানীয় অধিনায়কৰ পদবী প্ৰদান কৰা হৈছিল।
চুবেদাৰ আৰু সন্মানসূচক অধিনায়ক কৰম সিং PVC, MM | |
---|---|
ভাৰতৰ ডাক টিকটত কৰম সিঙৰ ফটো | |
জন্ম | ১৫ ছেপ্টেম্বৰ, ১৯১৫ ছেহনা, বৰ্ণালা, পঞ্জাব, ভাৰত |
মৃত্যু | ২০ জানুৱাৰী, ১৯৯৩ (৭৭ বছৰ) ছেহনা, বৰ্ণালা, পঞ্জাব, ভাৰত |
আনুগত্য | ব্ৰিটিছ ভাৰত ভাৰত |
চাকৰি/শাখা | ব্ৰিটিছ ভাৰতীয় সেনা ভাৰতীয় সেনা |
চাকৰিৰ কাৰ্যকাল | ১৯৪১–১৯৬৯ |
পদমৰ্যদা | চুবেদাৰ সন্মানসূচক অধিনায়ক |
চাৰ্ভিছ নাম্বাৰ | 22356 (তালিকাভূক্ত)[1] JC-6415 (junior commissioned officer)[2] |
ইউনিট | ১ম বেটেলিয়ান (শিখ ১) |
যুদ্ধ-বিগ্ৰহ | দ্বিতীয় বিশ্বযুদ্ধ ভাৰত-পাকিস্তানৰ যুদ্ধ - ১৯৪৭ |
পুৰস্কাৰ | পৰম বীৰ চক্ৰ সামৰিক বঁটা |