পিৰু সিং
From Wikipedia, the free encyclopedia
কোম্পানী হাবিলদাৰ মেজৰ পিৰু সিং শ্বেখাৱত (ইংৰাজী: Piru Singh Shekhawat) পি.ভি.চি (২০ মে ১৯১৮ – ১৮ জুলাই ১৯৪৮) এজন ভাৰতীয় সেনাৰ অ-কমিছনড বিষয়া আছিল, যাক ভাৰতৰ সৰ্বোচ্চ সামৰিক বঁটা পৰম বীৰ চক্ৰ প্ৰদান কৰা হৈছিল।
সিঙে ১৯৩৬ চনৰ ২০ মে তাৰিখে ব্ৰিটিছ ভাৰতীয় সেনাত যোগদান কৰে, আৰু প্ৰথমে পঞ্জাৱ ৰেজিমেণ্টত নিযুক্ত হয়। ১৯৪০ চনৰ পৰা ১৯৪৫ চনৰ ভিতৰত তেওঁ ব্ৰিটিছ কমনৱেলথ বাহিনীৰ অংশ হিচাপে জাপানত নিয়োজিত হোৱাৰ আগতে উত্তৰ-পশ্চিম সীমান্তত আৰু প্ৰশিক্ষক হিচাপে সেৱা আগবঢ়াইছিল। স্বাধীনতাৰ পিছত, তেওঁ ১৯৪৭ চনৰ ভাৰত-পাকিস্তান যুদ্ধত অংশগ্ৰহণ কৰে, ভাৰতীয় সেনাৰ ষষ্ঠ ৰাজপুতানা ৰাইফলছৰ সৈতে সেৱা আগবঢ়ায়।
যুদ্ধৰ সময়ত, সিং জম্মু আৰু কাশ্মীৰৰ তিথৱালত এটা পাকিস্তানী পোষ্ট দখল কৰিবলৈ নিযুক্ত কৰা এটা কোম্পানীৰ অংশ আছিল। সিঙে সফলতাৰে পাকিস্তানী পোষ্ট দখল কৰে। কিন্তু, সেই সময়লৈকে গোটেই কোম্পানীটোয় প্ৰায়সংখ্যক সৈনিক মৃত নতুবা আঘাতপ্ৰাপ্ত হৈ পৰিছিল।