ফিল্ডছ মেডেল
From Wikipedia, the free encyclopedia
ফিল্ডছ মেডেল (ইংৰাজী: FieldsMedal) হ’ল গণিতৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে প্ৰতি ৪ (চাৰি) বছৰৰ মূৰে মূৰে চল্লিশৰ অনুৰ্ধৰ গণিতজ্ঞসকলৰ মাজৰ দুই, তিনি বা চাৰিজন গণিতজ্ঞলৈ আগবঢ়োৱা এটি বঁটা। আন্তঃৰাষ্ট্ৰীয় গাণিতিক সংঘই (IMU) প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আয়োজন কৰা গণিতজ্ঞসকলৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত (ICM) এই বঁটা প্ৰদান কৰা হয়। ফিল্ডছ মেডেল[1][2][3] আৰু এবেল বঁটাক[4][5][6] গণিতৰ সৰ্বোচ্চ সন্মানীয় বঁটাৰূপে বিবেচনা কৰা হয়। কানাডাৰ গণিতজ্ঞ জন চাৰ্লছ ফিল্ডছৰ নিৰ্দেশ মৰ্মে এই বঁটা প্ৰণয়ন কৰা হয়।[1] এই বঁটা সৰ্বপ্ৰথম প্ৰদান কৰা হয় ১৯৩৬ চনত আৰু বিশ্বযুদ্ধৰ কাৰণে দীৰ্ঘদিনৰ বিৰতিৰ মূৰত ১৯৫০ চনৰ পৰা ইয়াক নিয়মীয়াকৈ প্ৰদান কৰা হয়। বিশিষ্ট বৰঙনি আগবঢ়োৱা গণিতৰ তৰুণ গৱেষকসকলক উৎসাহ, সহযোগ আৰু পৃষ্ঠপোষকতা প্ৰদানৰ উদ্দেশ্যে এই বঁটা প্ৰদান কৰা হয়। এই বঁটা বিজয়ীক প্ৰদান কৰা ধনৰ পৰিমাণ ২০০৬ চনত আছিল C$১৫,০০০ (বা US$১৩,৪০০ বা €১০,৫৫০)।[7]).[8][9]
ফিল্ডছ মেডেল | |
---|---|
ফিল্ডছ মেডেলৰ সন্মুখ পৃষ্ঠ | |
বিৱৰণ | গণিতৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য বৰঙনিৰ বাবে। |
দেশ | পৃথিৱীজুৰি |
প্ৰদান কৰোঁতা | আন্তঃৰাষ্ট্ৰীয় গণিত সংঘ। (IMU) |
পুৰস্কাৰ | C$15,000 |
প্ৰথমবাৰলৈ প্ৰদান কৰা হৈছিল | ১৯৩৬ (1936) |
শেষবাৰলৈ প্ৰদান কৰা হৈছিল | ২০১৮ |
ৱেবচাইট | http://www.mathunion.org/general/prizes/fields/details/ |