বেইজিং
From Wikipedia, the free encyclopedia
বেইজিং (ইংৰাজী: Beijing; পূৰ্বৰ নাম Peking) হৈছে চীনৰ ৰাজধানী আৰু পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যাৰ চহৰ সমূহৰ ভিতৰত এখন অন্যতম চহৰ। ২০১৩ চনৰ পিয়লমতে ইয়াৰ জনসংখ্যা আছিল ২,১১,৫০,০০০ জন।[8] জনসংখ্যাৰ ফালৰ পৰা ই পৃথিৱীৰ ত্ৰয়োদশতম বৃহৎ চহৰ। ১৬ খন নগৰ, উপনগৰ আৰু গ্ৰাম্য জিলাৰ সৈতে উত্তৰ চীন অঞ্চল ৰাষ্ট্ৰীয় চৰকাৰৰ প্ৰতক্ষ্য-সঞ্চালিত নগৰসমিতিৰ দ্বাৰা শাসন কৰা হয়।[9] জিনজিনজি চীনৰ নগৰসমিতি অঞ্চল আৰু চীনৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ সৈতে বেইজিং নগৰসমিতি, দক্ষিণৰ টিয়ানজিন নগৰসমিতিক বাদ দি হেবাই প্ৰভিডেন্সৰ দ্বাৰা আগুৰি আছে।[10]
বেইজিং 北京市 |
|
---|---|
— নগৰ সমিতি — | |
বেইজিং নগৰ সমিতি | |
বাঁওফালৰ পৰা: Beijing CBD skyline, Tiananmen, Temple of Heaven, National Center for the Performing Arts, আৰু Beijing National Stadium | |
চীনৰ মানচিত্ৰত বেইজিং নগৰ সমিতি | |
ভৌগোলিক স্থানাংক: 39°55′N 116°23′E | |
ৰাষ্ট্ৰ | People's Republic of China |
বিভাগসমূহ[1] - ৰাষ্ট্ৰীয়-পৰ্যায় - নগৰ-পৰ্যায় |
১৬ খন জিলা ২৮৯ খন নগৰ আৰু গাঁও |
চৰকাৰ | |
- প্ৰকাৰ | নগৰ সমিতি |
- দলীয় সচিব | গাও জিনলুং (প'লিটবুৰ' মেম্বাৰ) |
- মেয়ৰ | ৱাং আঞ্চুম |
- কংগ্ৰেছ পদাধিকাৰী | ডু ডেইন |
- কনফাৰেঞ্চ চেয়াৰমেন | জি লিন |
মাটিকালি[2] | |
- নগৰ সমিতি | ১৬,৪১০.৫৪ কি.মি.২ (৬,৩৩৬.১ বৰ্গ মাইল) |
- চহৰাঞ্চল | ১,৩৬৮.৩২ কি.মি.২ (৫২৮.৩ বৰ্গ মাইল) |
- গ্ৰাম্যাঞ্চল | ১৫,০৪২.২২ কি.মি.২ (৫,৮০৭.৮ বৰ্গ মাইল) |
উচ্চতা | ৪৩.৫ মিটাৰ (১৪২.৭২ ফুট) |
জনসংখ্যা (২০১৪)[3] | |
- নগৰ সমিতি | ২,১৫,১৬,০০০ জন |
- জনঘনত্ব | ১,৩১১.১ প্ৰতি বৰ্গ কি.মি. (৩,৩৯৫.৮ প্ৰতি বৰ্গ মাইল) |
- চহৰাঞ্চল | ১,৮৫,৯০,০০০ জন |
- মহানগৰ (২০১০)[4] | ২,৪৯,০০,০০০ জন |
- চীনৰ ভিতৰত | জনসংখ্যা: ৩য়; ঘনত্ব: ৪ৰ্থ জন |
প্ৰধান ভাষীক গোষ্ঠী | |
- হান | ৯৬% |
- মাঞ্চু | ২% |
- হুই | ২% |
- মঁগল | ০.৩% |
সময় অঞ্চল | চীনা মান সময় (গ্ৰী.মা.স.+৮) |
ডাক সংকেত | ১০০০০০–১০২৬২৯ |
অঞ্চল কোড | ১০ |
GDP[5] | 2014 |
- Total | CNY 2.133 trillion US$ 347.24 billion (13th) |
- Per capita | CNY 99,214 US$ 16,150 (2nd) |
- Growth | 7.3% |
HDI (2010) | 0.821[6] (১ম)—অতি উচ্চ |
অনুজ্ঞাপত্ৰৰ অগ্ৰাক্ষৰ | 京A, C, E, F, H, J, K, L, M, N, P, Q 京B (ভাড়া গাড়ী) 京G, Y (নগৰ অঞ্চলৰ বাহিৰত) 京O, D (পুলিচ আৰু কৰ্তৃপক্ষ) |
নগৰ উদ্ভিদ | Chinese arborvitae (Platycladus orientalis) |
Pagoda tree (Sophora japonica) | |
নগৰ ফুল | জৱা ফুল (Rosa chinensis) |
ক্ৰিছান্থেমাম (Chrysanthemum morifolium) | |
ৱেবছাইট | www.ebeijing.gov.cn |
বেইজিং | |||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
চীনাত "বেইজিং" | |||||||||||||||||||||||||||||||||||||||
চীনা | 北京 | ||||||||||||||||||||||||||||||||||||||
আক্ষৰিক অৰ্থ | "উত্তৰৰ ৰাজধানী" | ||||||||||||||||||||||||||||||||||||||
|
নগৰৰ জনসংখ্যাৰ দিশৰ পৰা বেইজিং হৈছে ছাংহাইৰ পিছতেই চীনৰ দ্বিতীয় জনবহুল নগৰ। ই চীনৰ ৰাজনৈতিক, সাংস্কৃতিক, শিক্ষাৰ প্ৰধান প্ৰাণ কেন্দ্ৰ।[11] চীনৰ বহুসংখ্যক ৰাষ্টীয় উদ্যোগৰ গৃহ চহৰ হৈছে বেইজিং। তদুপৰি ই হৈছে চীনৰ ৰাষ্ট্ৰীয় ঘাইপথ, এক্সপ্ৰেছৱে, ৰেলপথ, আৰু উচ্চ-গতিৰ ৰেল সংযোগৰ প্ৰধান কেন্দ্ৰস্থল। বেইজিঙৰ বেইজিং কেপিটেল ইণ্টাৰনেচনেল এয়াৰপৰ্ট হৈছে পৃথিৱীৰ এটা অন্যতম অতি ব্যস্ত বিমান বন্দৰ।[12]
বেইজিঙৰ ইতিহাস প্ৰায় তিনি হেজাৰ বছৰ পুৰণি। যোৱা আঠ শতিকা ধৰি ৰাজনৈতিক কেন্দ্ৰস্বৰূপ বেইজিং চীনৰ চাৰিখন মহান ঐতিহাসিক ৰাজধানীৰ অন্যতম।[13] নগৰ খন ইয়াৰ ঐতিহ্যমণ্ডিত অট্টালিকা, মন্দিৰ, উদ্যান, ট'ম্ব, প্ৰাচীৰ আৰু তোৰণসমূহৰ বাবে প্ৰখ্যাত,[14] আৰু ইয়াৰ কলা সংগ্ৰহ আৰু বিশ্ববিদ্যালয়বোৰে ইয়াক চীনৰ কলা আৰু সংস্কৃতিৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে।[14] এনচাইক্ল'পিডিয়া ব্ৰিটেনিকাৰ টোকা মতে "চীনৰ এই চহৰখনৰ দৰে ৰাজনৈতিক মুখ্যালয় আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে কাম কৰা নগৰ পৃথিৱীত কেইখন মাহহে আছে।"[15] বেইজিঙৰ সাতটা অঞ্চল UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভূক্ত হৈছে – ফ'ৰবিডেন চিটি, টেম্পল অৱ হেভেন, ছামাৰ পেলেচ, মিং ট'ম্বছ্, ঝ'ক'ডিয়ান, বৃহৎ প্ৰাচীৰ, আৰু গ্ৰাণ্ড কেনেল।[16]
গীষ্মকালীন অলিম্পিক ২০০৮ বেইজিঙত অনুস্থিত হৈছিল আৰু শীতকালীন অলিম্পিক ২০২২ও ইয়াতেই অনুস্থিত কৰা হ'ব। ইয়াৰ ফলত চহৰখন দুয়োপ্ৰকাৰৰ অলিম্পিক অনুস্থিত কৰা পৃথিৱীৰ একমাত্ৰ চহৰৰূপে পৰিগণিত হ'ব।[17]