য়াহু!
From Wikipedia, the free encyclopedia
য়াহু! এক ৱে'ব সেৱা প্ৰদানকাৰী। ইয়াৰ মুখ্য কাৰ্যালয় কেলিফ'ৰ্নিয়াৰ চানীভেইলত অৱস্থিত। ই অ'থ ইন্ক'ৰ্প'ৰেচনৰ জৰিয়তে ভেৰিজ'ন কমিউনিকেচন্ছৰ মালিকানাধীন।[4][5] মূল য়াহু! কোম্পানীটো জেৰী য়াং আৰু ডেভিদ ফিল'ই ১৯৯৪ চনত খুলিছিল আৰু ১৯৯৫ চনৰ ২ মাৰ্চত কাম আৰম্ভ হৈছিল।[6][7] ১৯৯০ দশকৰ প্ৰাথমিক ইণ্টাৰনেট যুগত য়াহুৱে এক অগ্ৰণী ভূমিকা পালন কৰিছিল।[8]
য়াহু! (Yahoo!) | |
---|---|
soft2i | |
ইউ আৰ এল | yahoo |
প্ৰকাৰ | ৱে'ব প'ৰ্টেল |
পঞ্জীয়ন | বৈকল্পিক |
ভাষা | es-us |
স্বত্বাধিকাৰী | ভেৰিজ'ন |
প্ৰতিস্থাপক |
|
স্থাপিত | জানুৱাৰী ১৯৯৪; ৩০ বছৰ আগতে (1994-01) |
কৰ্মক্ষেত্ৰ | Worldwide |
কৰ্মচাৰীৰ সংখ্যা | 8,600 (March 2017)[1] |
ৰাজহ | $5.17 billion[2] |
এলেক্সা স্থান | 6 (Global, January 2018[update])[3] |
বৰ্তমান স্থিতি | সক্ৰিয় |
য়াহু ৱে'ব প'ৰ্টেল, চাৰ্ছ ইঞ্জিন আৰু আন সেৱা যেনে য়াহু! ডিৰেক্টৰী, য়াহু! মেইল, য়াহু! নিউজ, য়াহু! ফাইনান্স, য়াহু! গ্ৰুপ্ছ, য়াহু! এন্সাৰ্ছ, বিজ্ঞাপন, অনলাইন মেপিং, ভিডিঅ' শ্বেয়াৰিং আৰু ইয়াৰ ছ'ছিয়েল মিডিয়া ৱে'বছাইটৰ বাবে জনাজাত আছিল। এটা সময়ত ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় ছাইটসমূহৰ এটা আছিল।[9] তৃতীয় পক্ষৰ ৱে'ব এনালাইটিক ছাইট এলেক্সা আৰু ছিমিলাৰৱে'বৰ মতে প্ৰতি মাহে ৭০০ কোটিতকৈও অধিক পৃষ্ঠা দৰ্শনেৰে ২০১৬ চনত য়াহু! বিশ্বৰ সকলোতকৈ বেছি পঢ়া বাতৰি আৰু মিডিয়া ৱে'বছাইট আৰু ষষ্ঠ জনপ্ৰিয় ৱে'বছাইট আছিল।[3][10][11]
২০০০ চনমানৰ পৰা য়াহু!ৰ জনপ্ৰিয়তা হ্ৰাস পাবলৈ ধৰে।[12] ২০১৭ চনত ভেৰিজ'ন কমিউনিকেচন্ছে য়াহুৰ বেছিভাগ ইণ্টাৰনে'ট ব্যৱসায় ৪৪৮ কোটি ডলাৰত কিনি লয়।[13][14][15] আলিবাবা গোট আৰু যাহু! জাপানৰ নিকিনা অংশ য়াহুৰ উত্তৰসূৰী কোম্পানী Altaba-ৰ হাতলৈ যায়।[16]