সীতাকান্ত মহাপাত্ৰ
From Wikipedia, the free encyclopedia
সীতাকান্ত মহাপাত্ৰ (ইংৰাজী: Sitakant Mahapatra; জন্ম:১৭ ছেপ্টেম্বৰ, ১৯৩৭) এগৰাকী ভাৰতীয় কবি[1] আৰু ওড়িয়া আৰু ইংৰাজী ভাষাৰ সাহিত্য সমালোচক।[2][3] ১৯৯৫ চনত অৱসৰ লোৱাৰ আগলৈকে তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আছিল আৰু ১৯৬১ চনৰপৰা আই এ এছ ৰূপে কামত মকৰল আছিল। তেওঁ নেচনেল বুক ট্ৰাষ্ট, নতুন দিল্লীৰ চেয়াৰমেন ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
সীতাকান্ত মহাপাত্ৰ | |
---|---|
২০১৫ চনত মহাপাত্ৰ | |
জন্ম | ১৭ ছেপ্টেম্বৰ, ১৯৩৭ (৮৬ বছৰ) কেন্দ্ৰপাৰা জিলা, উৰিষ্যা, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | কবি, সাহিত্য সমালোচক |
উল্লেখযোগ্য কৰ্ম | শব্দৰা আকাশ (দ্য স্কাই অৱ ৱৰ্ডচ্) (১৯৭১) সমুদ্ৰ (১৯৭৭) |
বঁটা, সন্মান, পুৰস্কাৰ আদি |
|
বহুখিনি অনুবাদৰ উপৰিও তেওঁ ১৫ খনতকৈও অধিক কবিতা সংকলন, ৫ খন প্ৰবন্ধ সংকলন, এখন ভ্ৰমণকাহিনী আৰু ৩০ খনতকৈও অধিক মননশীল ৰচনা লিখিছে। তেওঁৰ কবিতাৰ সংকলন কেইবাটাও ভাৰতীয় ভাষালৈ অনূদিত হৈছে। মহাপাত্ৰৰ উল্লেখযোগ্য ৰচনাসমূহ হৈছে, শব্দৰা আকাশ (১৯৭১), সমুদ্ৰ (১৯৭৭) আৰু অনেক শৰৎ (১৯৮১)।[4][5][6]
১৯৭৪ চনত, তেওঁ তেওঁৰ কবিতা সংকলন শব্দৰা আকাশ (দ্য স্কাই অফ ৱৰ্ডছ)ৰ বাবে ওড়িয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।[7] ১৯৯৩ চনত ভাৰতীয় সাহিত্যলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে তেওঁক ভাৰতীয় জ্ঞানপীঠে জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰিছিল। ইয়াৰ এটা বিবৃতিত ভাৰতীয় জ্ঞানপীঠে মহাপাত্ৰ সম্পৰ্কে উল্লেখ কৰি কৈছিল যে;
পশ্চিমীয়া সাহিত্যত গভীৰভাৱে নিমজ্জিত তেওঁৰ কলমত স্থানীয় মাটিৰ বিৰল আকৰ্ষণীয় সুবাস আছে।
সাহিত্যৰ বাবে ‘ছোভিয়েট দেশ নেহৰু বঁটা’, ‘কবীৰ সন্মান’ আৰু আন কেইবাটাও সন্মানীয় বঁটা লাভ[4] কৰাৰ উপৰিও মহাপাত্ৰ ভাৰত চৰকাৰৰ দ্বাৰা ২০০২ চনৰ পদ্মভূষণ আৰু ২০১১ চনৰ পদ্ম বিভূষণ বঁটাৰে সন্মানিত হৈছিল।[8]