হাৰ্মিচ
From Wikipedia, the free encyclopedia
হাৰ্মিচ (ইংৰাজী: Hermes) হৈছে প্ৰাচীন গ্ৰীচৰ এগৰাকী দেৱতা আৰু দ্বাদশ অলিম্পিয়ানৰ অন্যতম। হাৰ্মিচক দেৱতাসকলৰ বাৰ্তাবাহকৰূপে গণ্য কৰা হয়। তেওঁ মনৱ বাৰ্তাবাহক, ভ্ৰমণকাৰী, চোৰ, বণিক আৰু বক্তাসকলৰ ৰক্ষাকৰ্তা।[3][4][5] তেওঁ মানৱ আৰু দেৱতা উভয়ৰে জগতত নিজৰ পাখিলগা পাদুকাযোৰৰ সহায়ত ক্ষিপ্ৰতাৰে আৰু মুক্তভাৱে বিচৰণ কৰি ফুৰিব পাৰে। মৃত্যুৰ পিছত আত্মাসমূহক পাতালপুৰীলৈ বাট দেখুৱাই নিয়াৰ দায়িত্বও হাৰ্মিচৰ ওপৰত ন্যস্ত। [6][7]
ক্ষিপ্ৰ তথ্য হাৰ্মিচ, নিবাস ...
হাৰ্মিচ | |
---|---|
সীমা, পথ, ভ্ৰমণকাৰী, চোৰ, এথলীট, ভেড়াৰখীয়া, বাণিজ্য, বেগ, ধূৰ্তালি, মেধা আৰু নিদ্ৰাৰ দেৱতা দেৱতাসকলৰ বাৰ্তাবাহক | |
নিবাস | অলিম্পাচ পৰ্বত |
গ্ৰহ | বুধ গ্ৰহ[1] |
প্ৰতীক | পাখিলগা পাদুকা, সৰ্পদণ্ড, কাছ, বীণ, ডাকোৱা কুকুৰা, পাখিলগা শিৰোস্ত্ৰাণ |
সঙ্গী | মেৰ'পি, এফ্ৰোডাইটি, ড্ৰায়'পি, পেইথ' |
পিতৃ-মাতৃ | জ্যুচ আৰু মায়া ইউৰেনাচ আৰু হেমেৰা[2] |
সহোদৰ | এইকাচ, এঞ্জেল'চ, এফ্ৰোডাইটি, এপ'ল', এৰিচ, আৰ্টিমিচ, এথেনা আদি |
সন্তান | ইভেণ্ডাৰ, পেন এঞ্জেলিয়া আদি |
ৰোমান সমাৰ্থক | মাৰ্কিউৰি |
ইট্ৰুস্কান সমাৰ্থক | টাৰ্মচ |
বন্ধ কৰক
কিংবদন্তিসমূহত হাৰ্মিচক দেৱতাসকলৰ দূত বা বাৰ্তাবাহক হিচাপে দেখা পোৱা যায়[8] আৰু তেওঁক জ্যুচ আৰু মায়াৰ পুত্ৰ হিচাপে উপস্থাপন কৰা হয়। তেওঁক দৈৱিক চাতুৰ্যকাৰ আখ্যা দিয়া হয়।[9][10]