উজবেকিস্তান
From Wikipedia, the free encyclopedia
উজবেকিস্তান (উজবেক: Ўзбекистон) মধ্য এছিয়াৰ এখন গণতন্ত্ৰ ৰাষ্ট্ৰ। ইয়াৰ পশ্চিম আৰু উত্তৰে কাজাখাস্তান, পূবে কিৰগিজস্তান, দক্ষিণ-পূবে তাজিকিস্তান, আৰু দক্ষিণে আফগানিস্তান আৰু তুৰ্কমেনিস্তান। উজবেকিস্তানৰ পশ্চিম অংশত দেশখনৰ প্ৰায় ৩৭% অঞ্চলৰে গঠিত স্বায়ত্ত্বশাসিত কোৰাকালপোগ প্ৰজাতন্ত্ৰ অৱস্থিত। উজবেকিস্তানৰ উত্তৰ-পূবা প্ৰান্তত অৱস্থিত তাশখণ্ড দেশখনৰ ৰাজধানী চহৰ আৰু শিল্প আৰু সাংস্কৃতিক কেন্দ্ৰ। উজবেকিস্তানৰ সংখ্যাগৰিষ্ঠ জনগণ উজবেক জাতিৰ লোক। উজবেক ভাষা ইয়াৰ ৰাষ্ট্ৰীয় ভাষা।
উজবেকিস্তান O‘zbekiston Respublikasi উয্বেকিস্তন্ ৰেস্পুব্লিকাছি |
||||||
---|---|---|---|---|---|---|
ৰাষ্ট্ৰীয় সঙ্গীত উজবেকিস্তানৰ ৰাষ্ট্ৰীয় সংগীত |
||||||
ৰাজধানী (আৰু বৃহত্তম নগৰ) | তাশখণ্ড 41°16′N 69°13′E | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | উজবেক ভাষা আৰুৰুচ ভাষা | |||||
জাতীয়তাসূচক বিশেষণ | উজবেকিস্তানী[1] | |||||
চৰকাৰ | গণতন্ত্ৰ | |||||
- | ৰাষ্ট্ৰপতি (ভাৰপ্ৰাপ্ত) | নিগামাতিলা আলাদাচেভ | ||||
- | প্ৰধানমন্ত্ৰী | ছেভকেত মিৰজিয়য়েভ | ||||
স্বাধীনতা | ছোভিয়েট ইউনিয়নৰ পৰা | |||||
- | গঠন | ১৭৪৭1 | ||||
- | ঘোষণা | ১ ছেপ্টেম্বৰ ১৯৯১ | ||||
- | স্বীকৃতি | ৮ ডিচেম্বৰ ১৯৯১ | ||||
- | সম্পূৰ্ণ | ২৫ ডিচেম্বৰ ১৯৯১ | ||||
মাটিকালি | ||||||
- | মুঠ | ৪,৪৭,৪০০ বৰ্গ কিমি (৫৬তম) ১,৭২,৭৪২ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ৪.৯ (২১,৯২৩ বৰ্গ কিমি) | ||||
জনসংখ্যা | ||||||
- | ২০১৫ আনুমানিক | ৩,১০,২৫,৫০০'"`UNIQ--ref-০০০০০০০১-QINU`"''"`UNIQ--ref-০০০০০০০২-QINU`"' (৪১ তম) | ||||
জিডিপি (পিপিপি) | ২০০৫ আনুমানিক | |||||
- | মুঠ | $৫০.৩৯৫ বিলিয়ন (৭৪তম) | ||||
- | জনমুৰি | $২,২৮৩ (১৪৫ তম) | ||||
জিনি সহগ? (২০০০) | ২৬.৮ (নিম্ন) | |||||
মানৱ উন্নয়ন সূচক (২০০৭) | ০.৭০২ (মধ্যম) (১১৩তম) | |||||
মুদ্ৰা | উজবেকিস্তানী চম (Uzbekiston so'mi) (UZS ) |
|||||
সময় অঞ্চল | উজবেক সময় (UZT) (ইউটিচি+৫) | |||||
ইণ্টাৰনেট টিএলডি | .uz | |||||
কলিং ক'ড | +৯৯৮ | |||||
1 | বুখাৰিয়ান সাম্ৰাজ্য, কোনন্দ খানাতে আৰ খৱাৰেযম হিচাপে |
১৯২৪ চনৰ পৰা ১৯৯১ লৈ উজবেকিস্তান ছোভিয়েট ইউনিয়নৰ অধীন উজবেক ছোভিয়েট সমাজতান্ত্ৰীক প্ৰজাতন্ত্ৰ নামে জনাজাত আছিল। ১৯৯১ চনত ই স্বাধীনতা লাভ কৰে। ১৯৯২ চনত সংবিধান সংশোধন কৰা হয় আৰু ইয়াক ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰীক প্ৰজাতন্ত্ৰ হিচাপে প্ৰতিষ্ঠা কৰা হয়। কিন্তু ছোভিয়েট আমলত প্ৰচলিত কেন্দ্ৰীয় নিয়ন্ত্ৰণৰ বিভিন্ন ৰূপ আজিও দেশখনৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত বিদ্যমান। যদিও সংবিধানত বহুদলীয় ব্যৱস্থাৰ আশ্বাস দিয়া আছে, দেশখনৰ ৰাষ্ট্ৰপতি ইছলম কাৰিমভে (উজবেক ভাষা: Islom Karimov) এক প্ৰকাৰৰ স্বৈৰশাসনৰ প্ৰৱৰ্তন কৰিছে। যাতে বিৰোধী সকলৰ প্ৰতি সহনশীলতা প্ৰদৰ্শিত কৰা নহয়। কাৰিমভ বজাৰ সংস্কাৰৰ ক্ষেত্ৰতো ধীৰে চলা নীতি গ্ৰহণ কৰিছে। ফলত এতিয়াও অৰ্থনীতিৰ অনেক ক্ষেত্ৰত চৰকাৰৰ শক্তিশালী নিয়ন্ত্ৰণ আছে।