অভিজিৎ বেনাৰ্জী
ন'বেল বঁটা বিজয়ী ভাৰতীয় মূলৰ আমেৰিকান অৰ্থনীতিবিদ / From Wikipedia, the free encyclopedia
অভিজিৎ বিনায়ক বেনাৰ্জী (বঙালী: অভিজিৎ বিনায়ক বন্দ্যোপাধ্যায়; ইংৰাজী: Abhijit Vinayak Banerjee; জন্ম ২১ ফেব্ৰুৱাৰী ১৯৬১) এগৰাকী ভাৰতীয়-আমেৰিকান অৰ্থনীতিবিদ। তেওঁ বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেছাচুচেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অৰ্থনীতিৰ ফৰ্ড ফাউণ্ডেচন ইন্টাৰনেচনেলৰ অধ্যাপক।
ক্ষিপ্ৰ তথ্য অভিজিৎ বেনাৰ্জী, জন্ম ...
অভিজিৎ বেনাৰ্জী | |
---|---|
জন্ম | ২১ ফেব্ৰুৱাৰী, ১৯৬১ (৬৩ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
ক্ষেত্ৰ | উন্নয়ন অৰ্থনীতি |
কৰ্মস্থান | মেছাচুচেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান |
শিক্ষানুষ্ঠান | প্ৰেচিডেন্সী কলেজ, কলকাতা কলিকতা বিশ্ববিদ্যালয় (বিএ) জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (এমএ) হাৰ্ভাড বিশ্ববিদ্যালয় (পিএইছডি) |
ডক্তৰেল পৰামৰ্শদাতা | এৰিক মাস্কিন |
ডক্তৰেল বিদ্যাৰ্থী | ইস্থাৰ ডাফ্লো[1] ডিন কাৰ্লন[2] বেঞ্জামিন জনছ |
উল্লেখনীয় বঁটা | অৰ্থনীতিৰ ন'বেল বঁটা (২০১৯)[3] |
দাম্পত্যসঙ্গী | অৰুন্ধতী তুলি (বিবাহ বিচ্ছেদ) ইস্থাৰ ডাফ্লো (২০১৫ – বৰ্তমানলৈ) |
বন্ধ কৰক
অভিজিৎ বেনাৰ্জীয়ে তেওঁৰ পত্নী ইস্থাৰ ডাফ্লো আৰু মাইকেল ক্ৰেমাৰৰ সৈতে "গোলকীয় দৰিদ্ৰতা নিৰ্মূলৰ বাবে তেওঁলোকৰ পৰীক্ষামূলক অভিগমন"ৰ বাবে ২০১৯ চনৰ অৰ্থনীতিৰ ন'বেল বঁটা প্ৰদান কৰা হয়।[4][5] অভিজিৎ বেনাৰ্জী আৰু তেওঁৰ পত্নী ইস্থাৰ ডাফ্লো ন'বেল বঁটা লাভ কৰা ষষ্ঠ বিবাহিত দম্পতি।