অসম বৈভৱ বঁটা
From Wikipedia, the free encyclopedia
অসম বৈভৱ (ইংৰাজী: Assam Baibhav) অসমৰ জাতীয় জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অসম চৰকাৰে প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক সন্মান। ২০২১ বৰ্ষৰ পৰা এই বঁটা প্ৰদান কৰা হৈছে। প্ৰথমবাৰৰ বাবে উদ্যোগপতি ৰতন টাটাক কৰ্কট ৰোগৰ চিকিৎসাত আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে এই বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে।[3] এই বঁটা প্ৰৱৰ্তনৰ আগতে অসম ৰত্ন অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান আছিল।
অসম বৈভৱ | ||
বঁটাৰ তথ্য | ||
---|---|---|
প্ৰকাৰ | অসামৰিক | |
শ্ৰেণী | সাধাৰণ | |
বৰ্ণনা | সন্মুখফাল: হোলোং গছৰ পাতৰ ওপৰত জাপিৰ চিত্ৰৰ লগত "অসম বৈভৱ" অসমীয়া লিপিত খোদিত পিছফাল: ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ সৈতে অসমীয়া লিপিৰে 'অসম চৰকাৰ' খোদিত[1] | |
প্ৰতিষ্ঠা | ২০২১[2] | |
অন্তিমবাৰ প্ৰদান | ২০২৩ | |
মুঠ প্ৰদানৰ সংখ্যা | ৩ | |
প্ৰদানকৰ্তা | অসম চৰকাৰ | |
প্ৰথম প্ৰাপক | ৰতন টাটা | |
অন্তিম প্ৰাপক | ৰঞ্জন গগৈ | |
বঁটাৰ মৰ্যদা | ||
<নাই> ← অসম বৈভৱ → অসম সৌৰভ |
অসম বৈভৱ বঁটাত আছে নগদ পাঁচ লাখ টকাৰ লগতে প্ৰশস্তি পত্ৰ তথা স্মাৰক। এই বঁটাৰ সন্মুখৰ ফালে হোলোং গছৰ পাতৰ ওপৰত জাপিৰ চিত্ৰৰ লগত "অসম বৈভৱ" অসমীয়া লিপিত খোদিত কৰা আৰু পিছফালে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ সৈতে অসমীয়া লিপিৰে 'অসম চৰকাৰ' খোদিত কৰা আছে।[4] ২০২৩ চনৰ ৪ জানুৱাৰীত অসম চৰকাৰে স্বাস্থ্যসেৱা (কেন্সাৰ কেয়াৰ) আৰু জনসেৱাৰ ক্ষেত্ৰত মুম্বাইত বাস কৰা বিখ্যাত কৰ্কটৰোগ বিশেষজ্ঞ ডাঃ তপন শইকীয়াক ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লয়।[5] ২০২৪ চনৰ ১৬ জানুৱাৰী তাৰিখে অসম চৰকাৰে ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক আইন আৰু ন্যায়ৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০২৩ বৰ্ষৰ অসম বৈভৱ বঁটা প্ৰদান কৰে।[6]