আইফেল টাৱাৰ
From Wikipedia, the free encyclopedia
আইফেল টাৱাৰ (ইংৰাজী: The Eiffel Tower, ফৰাচী: La Tour Eiffel) হৈছে ফ্ৰান্সৰ পেৰিছত অৱস্থিত লোৰে নিৰ্মিত এটা টাৱাৰ। আলেকজেণ্ডাৰ গুষ্টাভ আইফেল নামৰ স্থাপত্যবিদ এজনে পেৰিছৰ এই বিখ্যাত টাৱাৰৰ আৰ্হি প্ৰস্তুত কৰি উলিয়াইছিল। ৩২৪ মিটাৰ ওখ টাৱাৰটো নিৰ্মাণৰ বাবে ৯৪৪১ টন ওজনৰ ১৮০৩৮ টুকুৰা উৎকৃষ্ট মানৰ লোৰ টুকুৰা ব্যৱহাৰ কৰা হৈছিল আৰু ১৮৮৭ চনৰ ২৬ জানুৱাৰীৰ পৰা নিৰ্মাণ আৰম্ভ হোৱা এই সুউচ্চ টাৱাৰটো ২ বছৰ ২ মাহ আৰু ৫ দিনৰ কষ্টসাধ্য শ্ৰমৰ বিনিময়ত, ১৮৮৯ চনৰ ৩১ মাৰ্চ তাৰিখে নিৰ্মাণ কাৰ্য সম্পন্ন হয়। এশ বৰ্গ মিটাৰ কালি আৱৰি থকা আইফেল টাৱাৰক প্ৰতি সাত বছৰৰ মূৰত এবাৰ ৰং বুলোৱা হয়। টাৱাৰটো ভ্ৰমণকাৰীৰ বাবে মুকলি কৰাৰ দিন ধৰি বৰ্তমানলৈকে প্ৰায় ২০ কোটি লোকে ইয়াক দৰ্শন কৰিছে।
ক্ষিপ্ৰ তথ্য আইফেল টাৱাৰ, উচ্চতাৰ ৰেকৰ্ড ...
আইফেল টাৱাৰ | |
---|---|
La Tour Eiffel | |
চেম্প ডে মাৰ্চৰ পৰা আইফেল টাৱাৰটো দেখা গৈছে | |
উচ্চতাৰ ৰেকৰ্ড | |
পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ ১৮৮৯ চনৰ পৰা ১৯৩০ চনলৈ[I] | |
সাধাৰণ তথ্য | |
প্ৰকাৰ | Observation tower, Radio broadcasting tower |
অৱস্থিতি | পেৰিছ, ফ্ৰান্স |
স্থানাংক | 48.8583°N 2.2945°E / 48.8583; 2.2945 |
নিৰ্মাণ আৰম্ভ | ১৮৮৭ |
সম্পূৰ্ণ | ১৮৮৯ |
মুকলি | ৩১ মাৰ্চ, ১৮৮৯ |
উচ্চতা | |
এণ্টেনাৰ আগভাগ (Antenna spire) | 324.00 মিটাৰ (1,063 ফুট) |
মূধচ | 300.65 মিটাৰ (986 ফুট) |
সৰ্ব্বোচ্চ মজিয়া | 273.00 মিটাৰ (896 ফুট) |
প্ৰযুক্তিৰ বিৱৰণ | |
মজিয়াৰ সংখ্যা | ৩ |
Elevators | ৯ |
নক্সা আৰু নিৰ্মাণ | |
গৰাকী | চিটি অফ পেৰিছ, ফ্ৰান্স |
Management | Société d'Exploitation de la Tour Eiffel (SETE) |
স্থাপত্যবিদ | Stephen Sauvestre |
Structural engineer | Maurice Koechlin, Émile Nouguier |
মুখ্য ঠিকাদাৰ | আলেকজেণ্ডাৰ গুষ্টাভ আইফেল |
References | |
[1][2][3][4][5][6][7][8][9] |
বন্ধ কৰক