আঙুৰ
From Wikipedia, the free encyclopedia
আঙুৰ (ইংৰাজী: Grape) হৈছে ভিটিচ্ গণৰ অন্তৰ্গত এবিধ লতাজাতীয় উদ্ভিদ বা তাৰ ফল। উদ্ভিদগতভাৱে ই এক প্ৰকাৰৰ বেৰী।
আঙুৰ বোৰ ফল হিচাপে সতেজকৈ খাব পাৰি। ইয়াৰ পৰা সুৰা, জাম, ৰস, জেলী, আঙুৰৰ বীজ, ভিনেগাৰ, আৰু আঙুৰৰ বীজৰ তেল আদি প্ৰস্তুত কৰা হয়। আঙুৰ শুকুৱাই কিচমিচ, কুৰাণ্ট আৰু চুলতানা প্ৰস্তুত কৰিব পাৰি। আঙুৰৰ ফল সাধাৰণতে থোপাথোপে লাগে। ই এবিধ অতি সুস্বাদু, ৰসযুক্ত ফল।