আন্তৰ্জাতিক নাৰী দিৱস
বিশ্বজুৰি মহিলাৰ অধিকাৰৰ প্ৰসাৰৰ বাবে পালন কৰা দিৱস / From Wikipedia, the free encyclopedia
আন্তৰ্জাতিক নাৰী দিৱস (পূৰ্বৰ নাম আন্তৰ্জাতিক কৰ্মজীৱী নাৰী দিৱস) প্ৰতি বছৰ ৮ মাৰ্চ তাৰিখে পালন কৰা হয়।[1] সমগ্ৰ বিশ্বব্যাপী নাৰীসকলে এটি প্ৰধান উপলক্ষ্য হিচাপে এই দিৱস উদ্যাপন কৰে। বিশ্বৰ বেলেগ বেলেগ প্ৰান্তত নাৰীদিৱস উদযাপনৰ প্ৰধান লক্ষ্য বেলেগ বেলেগ। ক'ৰবাত যদি নাৰীৰ প্ৰতি সাধাৰণ সন্মান আৰু শ্ৰদ্ধা প্ৰদৰ্শন উদ্যাপনৰ মুখ্য বিষয় হয়, অন্য ক'ৰবাত মহিলাসকলৰ আৰ্থিক, ৰাজনৈতিক আৰু সামাজিক প্ৰতিষ্ঠাই অধিক গুৰুত্ব পায়।
ক্ষিপ্ৰ তথ্য আন্তজাৰ্তিক নাৰী দিৱস, পালন কৰে ...
আন্তজাৰ্তিক নাৰী দিৱস | |
---|---|
৮ মাৰ্চ , ১৯১৪ চনত নাৰী দিৱসৰ বিজ্ঞাপনচিত্ৰ | |
পালন কৰে | সকলো দেশত |
প্ৰকাৰ | আন্তৰ্জাতিক |
মহত্ব | জনসচেতনতা দিৱস নাৰী আৰু কন্যা দিৱস |
তাৰিখ | ৮ মাৰ্চ |
সম্পৰ্কিত | মা দিৱস, বিশ্ব শিশু দিৱস, আন্তৰ্জাতিক পুৰুষ দিৱস |
বন্ধ কৰক