আফ্ৰিকা
বিশ্বৰ ২য় বৃহত্তম মহাদেশ / From Wikipedia, the free encyclopedia
আফ্ৰিকা (ইংৰাজী: Africa) মাটিকালি আৰু জনসংখ্যাৰ দিশৰ পৰা বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশ (এছিয়াৰ পাছতেই)। পাৰ্শ্ববৰ্তী দ্বীপসমূহক লগ লগাই মহাদেশখন মাটিকালি ৩০,২২১,৫৩২ বৰ্গ কিলোমিটাৰ (১১,৬৬৮,৫৯৮ বৰ্গমাইল)। এইখন বিশ্বৰ মুঠ ভূপৃষ্ঠতলৰ ৬% আৰু মুঠ স্থলপৃষ্ঠৰ ২০.৪% জুৰি অৱস্থিত।[2] এই মহাদেশৰ ৬১খন ৰাষ্ট্ৰ অথবা সমমানৰ প্ৰশাসনিক অঞ্চলত ১০০ কোটিৰো অধিক মানুহ, অৰ্থাৎ বিশ্বৰ জনসংখ্যাৰ ১৪% লোকে বসবাস কৰে। আফ্ৰিকাৰ প্ৰায় মধ্যভাগৰ মাজেদিয়ে বিষুবৰেখা পাৰ হৈ গৈছে। ইয়াৰ বেছি ভাগ অংশই ক্ৰান্তীয় অঞ্চল অৱস্থিত। মহাদেশখনৰ উত্তৰত ভূমধ্যসাগৰ, উত্তৰ-পূৰ্বে ছুয়েজ খাল আৰু লোহিত সাগৰ, পূৰ্বে ভাৰত মহাসাগৰ, আৰু পশ্চিমে আটলাণ্টিক মহাসাগৰ অৱস্থিত। উত্তৰ-পূৰ্ব কোনাত আফ্ৰিকা চিনাই উপদ্বীপৰ মাধ্যমৰে এছিয়া মহাদেশৰ সৈতে সংযুক্ত।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য মাটিকালি, জনসংখ্যা ...
মাটিকালি | 30,221,532 km2 (11,668,599 sq mi) |
---|---|
জনসংখ্যা | 1,022,234,000[1] (2010, 2nd) |
জনঘনত্ব | 30.51/km2 (about 80/sq mi) |
বাসিন্দা | আফ্ৰিকান |
দেশসমূহ | 56 তালিকা |
অধীনস্থ অঞ্চলসমূহ | তালিকা
|
ভাষাসমূহ | তালিকা |
সময় অঞ্চলসমূহ | UTC-1 ৰ পৰা UTC+4 লৈ |
বন্ধ কৰক