আলু পিটিকা
সিজোৱা আলু হাতেৰে মোহাৰি তৈয়াৰ কৰা একপ্ৰকাৰৰ ব্যঞ্জন। / From Wikipedia, the free encyclopedia
আলু পিটিকা হৈছে সিজাই বা পুৰি কোমল কৰা আলুৰ সৈতে মিঠাতেল, পিয়াঁজ, জলকীয়া, নিমখ, ধনিয়া আদি মিহলাই পিটিকা কৰি তৈয়াৰ কৰা এবিধ খাদ্য। আলু পিটিকা অসমীয়া খাদ্যৰ অভিন্ন অংশ। সাধাৰণতে ইয়াক ৰাতিপুৱাৰ আহাৰ হিচাপে ভাতৰ লগত খোৱা হয়। কম খৰচী আৰু প্ৰস্তুত কৰা সময় কম বাবে ই অসমীয়া মানুহৰ অন্যতম প্ৰিয় খাদ্য। বহুতে আলুৰ লগতে কণী, বেঙেনা, কাচকল, তিল আদি মিহলাই ইয়াক প্ৰস্তুত কৰে। আলু পিটিকা বিশ্বৰ ভিন ভিন অঞ্চলত ভিন ভিন ৰন্ধন প্ৰণালী আৰু সামগ্ৰীৰে বেলেগ বেলেগ নামেৰে জনাজাত।[1]