আৰ. এম. এছ. টাইটানিক
১৯১২ চনত ডুব যোৱা এখন ব্ৰিটিছ মানৱ পৰিবাহী জাহাজ / From Wikipedia, the free encyclopedia
আৰ এম এছ টাইটানিক এখন ব্ৰিটিছ মানৱ পৰিবাহী জাহাজ আছিল। ইংলেণ্ডৰ চাউথএম্পটন (ইংৰাজী: Southampton) ৰপৰা আমেৰিকাৰ নিউয়ৰ্ক চহৰলৈ ইয়াৰ প্ৰথম যাত্ৰা কৰাৰ সময়তেই এটুকুৰা আইচবাৰ্গত খুন্দা মৰাৰ ফলত জাহাজখন উত্তৰ আটলাণ্টিক মহাসাগৰত ডুব গৈছিল। ১৯১২ চনৰ ১৫ এপ্ৰিল তাৰিখে এই শোকাৱহ দুৰ্ঘটনাটো ঘটিছিল। টাইটানিক ডুব যোৱাৰ ফলত ১,৫০২ জন লোকৰ মৃত্যু হৈছিল। এইয়া ইতিহাসৰ এক শোকাবহ সাগৰীয় দুৰ্ঘটনা। ই প্ৰথম যাত্ৰাৰ সময়ত টাইটানিক বিশ্বৰ সবাতোকৈ ডাঙৰ জাহাজ আছিল। হোৱাইট ষ্টাৰ লাইনে (ইংৰাজী: White Star Line) পৰিচালনা কৰা অলিম্পিক ক্লাছ অ'চেন লাইনাৰ সমূহৰ ভিতৰত ই দ্বিতীয়খন জাহাজ আছিল। বেলফেষ্টৰ হাৰলেণ্ড এণ্ড ৱ'ল্ফ শ্বিপয়াৰ্ডত ইয়াক নিৰ্মাণ কৰা হৈছিল। ইয়াৰ প্ৰথম যাত্ৰাৰ সময়ত ই সৰ্বমুঠ ২,২২৪ জন যাত্ৰী আৰু কৰ্মচাৰী কঢ়িয়াই নিছিল।
এডৱাৰ্ড স্মিথৰ তত্ত্বাৱধনাত টাইটানিকে ইয়াৰ প্ৰথম যাত্ৰা আৰম্ভ কৰিছিল। ইয়াৰ যাত্ৰীসকলৰ মাজত বহুতো বিশ্বৰ কেইগৰাকীমান প্ৰতিপত্তীশীল লোকো আছিল। ইয়াৰ উপৰিও গ্ৰেট ব্ৰিটেইন আৰু আয়াৰলেণ্ড, স্কেনদিনেভিয়ৰ প্ৰৱাসী লোক আৰু উত্তৰ আমেৰিকাত নতুন জীৱন বিচাৰি যোৱা ইউৰোপৰ লোকসকলো এই যাত্ৰাৰ সংগী আছিল। টাইটানিক এখন আৰাম আৰু বিলাসৰে পৰিপূৰ্ণ জাহাজ আছিল। ইয়াৰ ভিতৰতেই ব্যায়ামাগাৰ, বিলাসী ৰেষ্টুৰেণ্ট, গ্ৰন্থাগাৰ আৰু ছুইমিঙ পুলৰউপলব্ধ আছিল। জাহাজ পৰিচালনা তথা যাত্ৰীসকলে ব্যৱহাৰ কৰিবৰ বাবে ইয়াত শক্তিশালী অনাতাঁৰ টেলিগ্ৰাফৰ সুবিধা আছিল। যদিও টাইটানিকত বহুতো আগশাৰীৰ সুবিধা যেনে 'পানী প্ৰতিৰোধ কৰিব কোঠা' (watertight compartment) আৰু 'দূৰৰ পৰা নিয়ন্ত্ৰত কৰিব পৰা পানী প্ৰতিৰোধী দুৱাৰ' (remotely activated watertight door) আছিল, তথাপি ইয়াত যাত্ৰীৰ উপযোগীকৈ লাইফব'টৰ (lifeboat) সংখ্যা যথেষ্ট নাছিল। সমুদ্ৰ যাত্ৰাৰ পুৰণি নিৰাপত্তাৰ নিয়মাৱলীৰ বাবে, ই লগত ১,১৭৮ জন যাত্ৰীৰ বাবেহে লাইফব'ট কঢ়িয়াই নিছিল। লাইফব'টৰ সংখ্যা সেই যাত্ৰাৰ মুঠ যাত্ৰীৰ সংখ্যাৰ আধা তথা মুঠ যাত্ৰী আৰু জাহাজৰ কৰ্মচাৰী কঢ়িয়াব পৰা ক্ষমতাৰ মাথোঁ এক-তৃতীয়াংশহে আছিল।
১৯১২ চনৰ ১০ এপ্ৰিল তাৰিখে, টাইটানিকে চাউথএম্পটন চহৰ এৰিছিল। ই নিউয়ৰ্কৰ ফালে পশ্চিমলৈ গতি কৰাৰ আগতে ফ্ৰান্সৰ চেৰবাৰ্গ আৰু আয়াৰলেণ্ডৰ কুইনছটাউন (Queenstown) এতিয়াৰ চ'ভ)ৰ লগত যোগাযোগ কৰিছিল।[1] ১৯১২ চনৰ ১৪ এপ্ৰিল তাৰিখে, যাত্ৰা আৰম্ভ কৰাৰ ৪ দিন পাছত প্ৰায় ৩৭৫ মাইল (600 কিঃমিঃ) অতিক্ৰম কৰাৰ পাছত, নিউফাউণ্ডলেণ্ড)ৰ দক্ষিণ ফালে, ই এটুকুৰা আইচবাৰ্গত ৰাতি প্ৰায় ১১-৪০ বজাত (জাহাজখনৰ সময়মতে; জি.এম.টি -৩)। আংশিক ভাৱে হোৱা সংঘৰ্ষত টাইটানিকৰ হালপ্লেট (Hull Plate)সমূহ বহুতো ঠাইত ভিতৰৰ দিশে বেঁকা হৈ হৈছিল। ইয়াৰ ফলত ষোল্লটা পানী প্ৰতিৰোধিত কোঠাৰ ভিতৰত পাঁচটা কোঠাত সাগৰৰ পানীৰে ভৰি পৰিছিল। লাহে লাহে গোটেই জাহাজখন পানীৰে ভৰি পৰছিল আৰু প্ৰায় ২ বাজি ২০ মিনিটত জাহাজখন আটলাণ্টিক মহাসাগৰৰ বুকুত ডুব যায়। ইয়াৰে কিছু সংখ্যক যাত্ৰী আৰু কৰ্মচাৰীক লাইফ-ব'টৰ দ্বাৰা জীৱন ৰক্ষা কৰা হৈছিল। জাহাজৰ বিষয়াসকলে প্ৰথমতে মহিলা আৰু শিশুসকলক বচোৱাৰ চেষ্টা কৰাৰ ফলত দ্বিতীয় শ্ৰেণীত ৯০%ৰো অধিক পুৰুষ জাহাজখনত আছিল। প্ৰায় ২ বাজি ১০ মিনিটত টাইটানিকৰ ওপৰৰ খলপাসমূহ পানীত ডুব যায়। ইয়াৰ ১০ মিনিটমানৰ ভিতৰতে জাহাজখন ভাগি দুটুকুৰা হৈ পৰে আৰু লগত এক হাজাৰৰো অধিক লোকৰ সৈতে পানীত ডুব যায়। বহুতো যাত্ৰী কেইমিনিট মানৰ ভিতৰতে মহাসাগৰৰ ঠাণ্ডা পানীৰ কাৰণে হাইপ'থাৰমিয়া (ইংৰাজী: hypothermia)ত ভুগি মৃত্যুমুখত পৰিছিল। জাহাজখন ডুব যোৱাৰ পাছত কিছুমান লোকক পানীৰ পৰা উদ্ধাৰ কৰি হৈছিল। দুৰ্ঘটনাৰ দুঘণ্টা মানৰ পাছত আৰ.এম.এছ. কাৰপেথিয়া (ইংৰাজী: RMS Carpathia) আহি দুৰ্ঘটনাস্থলীত উপস্থিত হৈছিল। এই জাহাজখনে অনুমাণিক ৭০৫ জন লোকক জীৱন্তে উদ্ধাৰ কৰিছিল।
টাইটানিকৰ ধ্বংসাৱশেষ সমূহ ১৯৮৫ চনত প্ৰায় ১২,৪১৫ ফুট (৩,৭৮৪ মিটাৰ) গভীৰতাত পোৱা গৈছে। ইয়াক আৱিষ্কৃত হোৱাৰ পিছত সহস্ৰাবিধ প্ৰাচীন মানৱ নিৰ্মিত সামগ্ৰী সমুদ্ৰপৃষ্ঠৰ পৰা উদ্ধাৰ কৰা হৈছে। এই সামগ্ৰীসমূহ বিশ্বৰ বিভিন্ন ঠাইৰ সংগ্ৰাহলয়ত প্ৰদৰ্শনীৰ কাৰণে মুকলি কৰি দিয়া হৈছে। “টাইটানিক”ক ইতিহাসৰ এখন বিশ্ব বিখ্যাত জাহাজ হিচাপে গণ্য কৰা হয়। বিভিন্ন গ্ৰন্থ, লোক গীত, চলচ্চিত্ৰ আদিৰ দ্বাৰা ইয়াৰ স্মৃতি এতিয়াও সজীৱ কৰি ৰখা হৈছে।