ইগ্ ন'বেল বঁটা
From Wikipedia, the free encyclopedia
ইগ্ ন'বেল বঁটা (ইংৰাজী: Ig Nobel Prizes) ন'বেল বঁটাৰ এক আমেৰিকান পেৰ'ডী সংস্কৰণ। প্ৰতি বছৰে অক্টোবৰ মাহৰ আৰম্ভণিতে এই বঁটা বৈজ্ঞানিক গৱেষণা ক্ষেত্ৰৰ দহটা আচহুৱা (unusual) আৰু তাৎপৰ্যহীন (trivial) প্ৰাপ্তিক প্ৰদান কৰা হয়। এই বঁটাৰ লক্ষ্য সম্পৰ্কে এইদৰে উল্লেখ কৰা হৈছে The stated aim of the prizes is to "honor achievements that first make people laugh, and then make them think."। কেতিয়াবা এই বঁটাৰ জৰিয়তে সমালোচনা (veiled criticism) আৰু আন কেতিয়াবা ইয়াৰ দ্বাৰা গুৰুত্বহীন গৱেষণাক মৃদু ভেঙুচালি (gentle sattire) কৰা হয়। বৈজ্ঞানিক হাস্য ব্যংগ আলোচনী Annals of Improbable Research (AIR)ৰ দ্বাৰা হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ Sanders Theater -ত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত ন'বেল বঁটা বিজয়ী আৰু অন্য সদস্যৰে গঠিত এটা গোটৰ দ্বাৰা এই বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদানৰ পিছত বিজয়ীসকলৰ দ্বাৰা MIT-ত ৰাজহুৱা বক্তৃতা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়।[1]
ইগ্ ন'বেল বঁটাৰ ইগ্ (Ig) শব্দাংশ ignoble ("characterized by baseness, lowness, or meanness") আৰু বাকী শব্দাংশ ন'বেল বঁটা(Nobel Prize)-ৰ পৰা লোৱা হৈছে। বঁটা প্ৰদান অনুষ্ঠানত ইয়াক "ignoble" হিচাপে উচ্চাৰণ নকৰি /ˌɪɡnoʊˈbɛl/ ig-noh-bel হিচাপে উচ্চাৰণ কৰা হয়।