ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য
From Wikipedia, the free encyclopedia
ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য (ইংৰাজী: Eaglenest Wildlife Sanctuary) অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত হিমালয়ৰ পাদদেশত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ইয়াৰ উত্তৰ-পূব দিশত 'চেঁচা অৰ্কিড উদ্যান' আৰু পূবে কামেং নৈৰ সিপাৰে পাক্কে ব্ৰাঘ্ৰ প্ৰকল্প অৱস্থিত। ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য সাগৰ পৃষ্ঠৰ পৰা ৫০০ মিটাৰৰ পৰা ৩২৫০ মিটাৰ পৰ্যন্ত বিয়পি আছে। ই 'কামেং হস্তী সংৰক্ষিত বনাঞ্চল (Kameng Elephant Reserve)ৰ অন্তৰ্ভুক্ত। ১৯৫০ ৰ দশকত এই অঞ্চলত বাহৰ পাতি থকা ভাৰতীয় সেনাৰ চতুৰ্থ ইনফেণ্ট্ৰিৰ ৰেড ঈগল ডিভিজনৰ নামেৰে এই অভয়াৰণ্যৰ নাম ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য ৰখা হয় বুলি জনা যায়। [1] এই অভয়াৰণ্য প্ৰধানকৈ বিভিন্ন প্ৰজাতিৰ চৰাইৰ বাবে বিখ্যাত।
ক্ষিপ্ৰ তথ্য ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য, অৱস্থান ...
ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য | |
---|---|
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল) | |
Bugun Liocichla, ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্যত ১৯৯৫ চনত আৱিষ্কাৰ হোৱা নতুন চৰাইবিধ | |
অৱস্থান | পশ্চিম কামেং জিলা, অৰুণাচল প্ৰদেশ, ভাৰত |
স্থানাংক | 27°06′0″N 92°24′0″E |
মাটিকালি | ২১৮ বৰ্গ কি.মি. (21,80,00,000 বৰ্গ মিটাৰ) |
প্ৰতিস্থা | ১৯৮৯ |
পৰ্যটক | ৭৫ (২০০৬ চনত) |
কৰ্তৃপক্ষ | অৰুণাচল প্ৰদেশ চৰকাৰ |
বন্ধ কৰক