উচ্চ ৰক্তচাপ
From Wikipedia, the free encyclopedia
উচ্চ ৰক্তচাপ (ইংৰাজী: Hypertension, সংক্ষেপে HTN বা HT), এটা দীৰ্ঘম্যাদী ৰোগ য'ত ধমনীৰ ৰক্তচাপ জোখতকৈ বেছি থাকে।[8] উচ্চ ৰক্তচাপৰ সাধাৰণতে কোনো লক্ষণ নাই।[1] দীৰ্ঘদিনীয়া উচ্চ ৰক্তচাপৰ ফলত ক'ৰ'নেৰী ধমনী ৰোগ, ষ্ট্ৰ'ক, হাৰ্ট ফেইলাৰ, প্ৰান্তীয় সংবহনতান্ত্ৰিক ৰোগ (peripheral vascular disease), অন্ধত্ব আৰু দীৰ্ঘম্যাদী বৃক্ক ৰোগ (chronic kidney disease) হ'ব পাৰে।[2][3]
উচ্চ ৰক্তচাপ (Hypertension) | |
---|---|
অন্য নাম | ধমনীৰ উচ্চ ৰক্তচাপ |
উচ্চ ৰক্তচাপ প্ৰদৰ্শন কৰা এটা স্নয়ংক্ৰিয় ৰক্তচাপ যন্ত্ৰ (চিষ্ট'লিক ধমনী চাপ 158 mmHg, ডায়েষ্ট'লিক ধমনী চাপ 99 mmHg আৰু হৃদ কম্পন মিনিটত ৮০ বাৰ। ) | |
বিভাগ | হৃদৰোগ বিভাগ |
লক্ষণ | নাই[1] |
জটিলতা | ক'ৰ'নেৰী ধমনী ৰোগ, ষ্ট্ৰ'ক, হাৰ্ট ফেইলাৰ, প্ৰান্তীয় সংবহনতান্ত্ৰিক ৰোগ, অন্ধত্ব, দীৰ্ঘম্যাদী বৃক্কৰ ৰোগ[2][3] |
কাৰণ | সাধৰণতে জীৱনশৈলী আৰু জিনীয় কাৰক[4][5] |
ৰোগ নিৰূপণ | বিশ্ৰাম অৱস্থাত ৰক্তচাপ > ১৪০/৯০ mmHg[4] |
চিকিৎসা | জীৱনশৈলী পৰিৱৰ্তন, ঔষধ[6] |
পুনৰাবৃত্তি | বিশ্বজুৰি ১৬-৩৭%[4] |
মৃত্যু | ৯.৪ নিযুত / ১৮% (২০১০)[7] |
উচ্চ ৰক্তচাপক প্ৰাথমিক উচ্চ ৰক্তচাপ (Essential hypertension/primary high blood pressure) আৰু অপ্ৰধান উচ্চ ৰক্তচাপত (secondary high blood pressure) ভাগ কৰা হয়।[4] প্ৰায় ৯০-৯৫% ৰোগীৰ ক্ষেত্ৰত সেয়া প্ৰাথমিক যাক অনিৰ্দিষ্ট জীৱনশৈলী আৰু জিনীয় কাৰকৰ বাবে হোৱা উচ্চ ৰক্তচাপ বোলে।[4][5] ৰোগৰ আশংকা বঢ়াব পৰা জীৱনশৈলী কাৰকৰ ভিতৰত মাত্ৰাধিক নিমখ, মেদবহুলতা, ধূমপান আৰু মদলৈ আঙুলিয়াব পাৰি।[1][4] বাকী থকা ৫-১০% ৰোগীক অপ্ৰধান উচ্চ ৰক্তচাপত অন্তৰ্ভুক্ত কৰিব পাৰি যাৰ নিৰ্দিষ্ট কাৰণ আছে। ইয়াৰ ভিতৰত দীৰ্ঘম্যাদী বৃক্ক ৰোগ, বৃক্কৰ ধমনীৰ সংকোচন, অন্তঃস্ৰাৱী ৰোগ আৰু জন্ম নিয়ন্ত্ৰক ঔষধ প্ৰধান।[4]
ৰক্তচাপক দুটা জোখেৰে বৰ্ণোৱা হয়— চিষ্ট'লিক আৰু ডায়েষ্ট'লিক চাপ। হৃদ চক্ৰ (cardiac cycle)ত এই দুটা ক্ৰমে সৰ্বোচ্চ আৰু সৰ্বনিম্ন চাপ।[1] বিশ্ৰাম অৱস্থাত শৰীৰৰ ৰক্তচাপ ১০০-১৪০ মিলিমিটাৰ পাৰা (চিষ্ট'লিক) আৰু ৬০-৯০ মিলিমিটাৰ পাৰা (ডায়েষ্ট'লিক)।[9] প্ৰাপ্তবয়স্কৰ বাবে ৰক্তচাপ অনবৰতে ১৪০/৯০ mmHgৰ বেছি থাকিলে উচ্চ ৰক্তচাপ বোলে।[4] শিশুৰ বাবে এই সংখ্যা ভিন্ন।[10] এবাৰ ৰক্তচাপ জোখাতকৈ ২৪ ঘণ্টা জুৰি জোখা ৰক্তচাপ অধিক শুদ্ধ।[8][4]
জীৱনশৈলী পৰিৱৰ্তন আৰু ঔষধে ৰক্তচাপ কমাই স্বাস্থ্যৰ গুৰুতৰ বিসংগতি ৰোধিব পাৰে।[6] জীৱনশৈলী পৰিৱৰ্তনৰ ভিতৰত ওজন কমোৱা, নিমখ কমাই খোৱা, শাৰীৰিক ব্যায়াম আৰু স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ প্ৰধান।[4] এইবোৰ উপায়ে কাম নিদিলে ঔষধৰ প্ৰয়োগ কৰা হয়।[6] ৯০% মানুহৰ ক্ষেত্ৰত তিনিবিধলৈকে ঔষধে ৰক্তচাপ কমাব পাৰে।[4] বিশ্বজুৰি উচ্চ ৰক্তচাপে ১৬-৩৭% লোকৰ স্বাস্থ্যত প্ৰভাৱ পেলায়।[4] ২০১০ চনত উচ্চ ৰক্তচাপ ১৮% মৃত্যুৰ (৯.৪ নিযুত) কাৰণ আছিল বুলি বিশ্বাস কৰা হয়।[7]