এইচ্ছ এম এছ বিগলৰ দ্বিতীয় সমুদ্ৰযাত্ৰা
From Wikipedia, the free encyclopedia
এইচ্ছ এম এছ বিগলৰ দ্বিতীয় সমুদ্ৰযাত্ৰা (ইংৰাজী: Second voyage of HMS Beagle) আছিল কেপ্টেইন ৰবাৰ্ট ফিটজৰয়ৰ নেতৃত্বত হোৱা বিগল জাহাজৰ দ্বিতীয়টো সমুদ্ৰযাত্ৰা। এই যাত্ৰাটো ১৮৩১ চনৰ ২৭ ডিচেম্বৰত আৰম্ভ হৈ ১৮৩৬ চনৰ ২ অক্টোবৰত শেষ হৈছিল। প্ৰথমটো সমুদ্ৰযাত্ৰাৰ কেপ্টেইন প্ৰিংগল ষ্ট্ৰোকছৰ আত্মহত্যাৰ পিছত ৰবাৰ্ট ফিটজৰয়ে দ্বিতীয়টো জৰীপমূলক অভিযানৰ নেতৃত্ব লৈছিল। জাহাজত এগৰাকী ভূতত্ত্ববিশেষজ্ঞ থকাৰ সুফলৰ বিষয়ে ফিটজৰয়ে আগতীয়াকৈয়ে ভাবিছিল, লগতে জাহাজত অতিৰিক্তভাৱে এগৰাকী প্ৰকৃতিবিদৰ সংগও বিচাৰিছিল। আনহাতে ২২ বছৰ বয়সত, স্নাতক চাৰ্লছ ডাৰউইন-এ গীৰ্জাৰ পাদুৰী হোৱাৰ পূৰ্বে ক্ৰান্তীয় অঞ্চল পৰিভ্ৰমণৰ প্ৰত্যাশা পুহি ৰাখিছিল। সেইকাৰণে তেওঁ এই বিশেষ সুযোগটো গ্ৰহণ কৰি ৰবাৰ্ট ফিটজৰয়ৰ সংগী হ'ল। সমুদ্ৰযাত্ৰাৰ সময়ৰ ডাৰুউইনে চাৰ্লছ লেইলৰ "প্ৰিন্সিপলছ অৱ জিঅ'লজি"খন পঢ়ি বাৰুকৈয়ে প্ৰভাৱান্বিত হৈছিল। অভিযানটোৰ শেষত ডাৰউইনে এগৰাকী ভূতত্ত্ববিদ আৰু জীৱাশ্ম সংগ্ৰাহক হিচাপে স্বীকৃতি লাভ কৰিছিল। তাৰ লগতে তেওঁৰ দিনপঞ্জীখনৰ প্ৰকাশেও লেখক হিচাপে তেওঁলৈ খ্যাতি কঢ়িয়াই আনিছিল। প্ৰকাশিত দিনপঞ্জীখনৰ নাম আছিল-দ্য ভয়েজ অৱ দ্য বিগল।
বিগলে আটলাণ্টিক মহাসাগৰৰ মাজেৰে যাত্ৰা কৰি দক্ষিণ আমেৰিকাৰ দক্ষিণাংশৰ উপকূলীয় অঞ্চলৰ সূক্ষ্মাতিসূক্ষ্ম "জলৰেখা পৰ্যবেক্ষণ" কৰিছিল। জলপথেৰে পৃথিৱীখন পৰিভ্ৰমণ কৰি তেওঁলোক টাহিটি আৰু অষ্ট্ৰেলিয়া হৈ উভতি আহিছিল। অভিযানটো দুবছৰীয়া হোৱা কথা আছিল যদিও প্ৰায় পাঁচটা বছৰ ধৰি তেওঁলোকে সমুদ্ৰযাত্ৰা কৰি আছিল। ডাৰউইনে বেছিভাগ সময়েই ভূভাগৰ অন্বেষণ কৰিয়েই কটাইছিল। তেওঁ তিনি বছৰ তিনিটা মাহ মাটিত আছিল আৰু ডেৰ বছৰ সাগৰত আছিল।[1]