এনিমেছন
গতিশীল ছবি সৃষ্টি কৰা পদ্ধতি / From Wikipedia, the free encyclopedia
এনিমেছন (ইংৰাজী: Animation) বা এনিমেশ্যন হৈছে স্থিৰ চিত্ৰৰ এটা ক্ৰম, যাক বিশেষ প্ৰক্ৰিয়াৰে লক্ষ্য কৰিলে গতিৰ ভ্ৰম সৃষ্টি হয়। সহজ অৰ্থক ইয়াক "চলন্ত চিত্ৰ" বুলিও ক'ব পাৰি। চলচ্চিত্ৰৰ আৰু এনিমেছনৰ সংজ্ঞা আৰু মূল কাৰিকৰী নীতি একেই। চলচ্চিত্ৰৰ সংজ্ঞাই এনিমেছনকো সাঙুৰি লয়। নিৰ্মাণ প্ৰক্ৰিয়াৰ ভিন্নতা অনুসৰি চলচ্চিত্ৰক জীৱম্ত গতি (live action), বা এনিমেছন এই দুটা বহল ভাগত ভগাব পাৰি। জীৱন্ত গতি চলচ্চিত্ৰ নিৰ্মাণ কৰোঁতে চলন্ত বস্তু এটাক কেমেৰাৰ সহায়েৰে সময়ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অন্তৰালত (পাৰম্পৰিক ভাৱে ছেকেণ্ডত ২৪ টা) ফটো তোলা হয়। এই ছবিবোৰত চলন্ত বস্তুটোৰ বিভিন্ন মুহূৰ্তক স্থিৰ চিত্ৰ কৰি পেলোৱা হয়। প্ৰতিখন ছবিকে একোখন 'ফ্ৰেম' বোলা হয়। পাছত প্ৰজেক্টৰৰ সহায়েৰে এই 'ফ্ৰেম'বোৰক ক্ৰম অনুসৰি পৰ্দাত প্ৰক্ষেপণ কৰা হয়। দৃষ্টিৰ জড়তা (Persistence of vision) পৰিঘটনাৰ বাবে আমাৰ চকুৱে সিখনৰ পাছত সিখনকৈ প্ৰক্ষেপিত স্থিৰ চিত্ৰৰ ক্ৰমক গতিৰ ভ্ৰমলৈ ৰূপান্তৰিত কৰে আৰু আমি ছবিখন চলি থকা দেখোঁ। পিছলৈ অৱশ্যে এই মতক নাকচ কৰা হয়। লক্ষণীয় যে এই পদ্ধতিত এটা বিশেষ যন্ত্ৰ (চলচ্চিত্ৰ কেমেৰা)ৰ দ্বাৰা, চলনশীল বস্তু এটাৰ চলনক 'ফ্ৰেম'ৰ ৰূপ দিয়া হয়। এনিমেছন প্ৰক্ৰিয়াত প্ৰতিখন ফ্ৰেম বেলেগে বেলেগে সৃষ্টি কৰা হয়। পাছত প্ৰতিটো ফ্ৰেমকে ক্ৰম অনুসৰি পৰ্দাত নিক্ষেপন কৰি গতিৰ আভাস দিয়া হয়। এনিমেছন নিৰ্মাণ কৰোঁতে প্ৰতিখন ফ্ৰেমেই এখন এখনকৈ সৃষ্টি কৰা হয়। ফ্ৰেম নিৰ্মাণ বিভিন্ন পদ্ধতিৰে কৰিব পাৰি। হাতে অঁকা আৰু একেটা বস্তুৰ অৱস্থানৰ সামান্য পৰিবৰ্তন কৰি তাৰ ছবি লোৱাটো সাধাৰণতে ব্যৱহৃত দুটা প্ৰক্ৰিয়া। বৰ্তমান গাণনিক যন্ত্ৰৰ (কম্পিউটাৰ) সহায়ত এনিমেছন নিৰ্মাণ কৰাটো জনপ্ৰিয় উপায়। এনিমেছন দ্বিবিমীয় (2D) বা ত্ৰিবিমীয় (3D) হ'ব পাৰে।