এলবাৰ্ট আইনষ্টাইন
From Wikipedia, the free encyclopedia
এলবাৰ্ট আইনষ্টাইন (ইংৰাজী: Albert Einstein) (pron.: /ˈælbərt ˈaɪnstaɪn/; জাৰ্মান: [ˈalbɐt ˈaɪnʃtaɪn] ( শুনক); জাৰ্মানীৰ উইটেনবাৰ্গ অঞ্চলৰ উল্ম চহৰত ১৮৭৯ খৃষ্টাব্দৰ ১৪ মাৰ্চত জন্মগ্ৰহণ কৰা এজন তাত্ত্বিক পদাৰ্থ বিজ্ঞানী। তেওঁৰ আপেক্ষিকতাবাদ তত্ত্ব আধুনিক পদাৰ্থ বিজ্ঞানৰ ভেটিস্বৰূপ। তাত্ত্বিক পদাৰ্থবিদ্যালৈ অৱদান বিশেষকৈ আলোক বিদ্যুৎ পৰিঘটনাৰ বাবে ১৯২১ চনত তেওঁক পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হয়।[1]। এই আলোক বিদ্যুত পৰিঘটনাই পাচলৈ কোৱাণ্টাম তত্ত্বৰ সূচনা কৰে[উদ্ধৃতিৰ প্ৰয়োজন]।
এলবাৰ্ট আইনষ্টাইন | |
---|---|
১৯২১ চনত আইনষ্টাইন | |
জন্ম | ১৪ মাৰ্চ, ১৮৭৯ উল্ম, জাৰ্মানী |
মৃত্যু | ১৮ এপ্ৰিল, ১৯৫৫ (৭৬ বছৰ) প্ৰিন্সটন, নিউ জাৰ্ছি, আমেৰিকা যুক্তৰাষ্ট্ৰ |
বাসস্থান | জাৰ্মানী, ইটালী, চুইজাৰলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ |
নাগৰিকত্ব |
|
ক্ষেত্ৰ | পদাৰ্থ বিজ্ঞান |
কৰ্মস্থান |
|
শিক্ষানুষ্ঠান |
|
জনা যায় |
|
উল্লেখনীয় বঁটা |
|
দাম্পত্যসঙ্গী | মিলেভা মাৰিটচ্ (১৯০৩–১৯১৯) এলছা লৱেন্থেল (১৯১৯–১৯৩৬) |
স্বাক্ষৰ |
আইনষ্টাইনে ভাবিছিল যে নিউটনীয় বলবিদ্যাই ধ্ৰুপদী পদাৰ্থবিজ্ঞান আৰু বিদ্যুত চুম্বকীয় সূত্ৰসমূহৰ মাজত যোগসূত্ৰ স্থাপন কৰিবলৈ সক্ষম হোৱা নাই। সেয়ে তেওঁ বিশেষ আপেক্ষিকতাবাদ তত্ত্ব গঢ় দিয়ে। পাছলৈ তেওঁ আপেক্ষিকতাবাদ সূত্ৰ মহাকৰ্ষণীয় ক্ষেত্ৰৰ বাবেও প্ৰয়োগ কৰে আৰু ১৯১৬ চনত সাধাৰণ আপেক্ষিকতাবাদ তত্ত্ব প্ৰকাশ কৰে। কোৱাণ্টাম তত্ত্ব আৰু পাৰিসাংখ্যিক বলবিদ্যালৈ আইনষ্টাইনে আগবঢ়োৱা অৱদানৰ ভিতৰত কণিকা তত্ত্ব আৰু অণুৰ গতি উল্লেখযোগ্য।
১৯৩৩ চনত হিটলাৰে যেতিয়া জাৰ্মানীত ক্ষমতা দখল কৰে আইনষ্টাইনে যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰি আছিল। সেই সময়ত বাৰ্লিন অকাদেমী অৱ ছায়েন্সৰ অধ্যাপক আইনষ্টাইন আৰু জাৰ্মানীলৈ ঘূৰি নগ'ল। তেওঁ যুক্তৰাষ্ট্ৰতে বসবাস কৰিবলৈ লয় আৰু ১৯৪০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহণ কৰে[2]। ২য় বিশ্বযুদ্ধৰ কালত আইনষ্টাইনৰ এখন চিঠিয়ে সেইসময়ৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ৰুজভেল্টক পৰমাণু অস্ত্ৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগ কৰে। আৰু এইদৰেই মানহাট্টান প্ৰকল্পৰ সূচনা হয়। পাচলৈ হিৰোচিমা আৰু নাগাচাকিত আণৱিক বোমাৰ ভয়াৱহতা দেখি অনুশোচনাত ভোগে। আণৱিক বোমাৰ ভয়াৱহতাৰ বিষয়ে বৰ্ণনা কৰি লিখা ৰাছেল-আইনষ্টাইন ইস্তাহাৰত বাৰ্ট্ৰাণ্ড ৰাছেলৰ সৈতে তেওঁ স্বাক্ষৰ কৰে।
আইনষ্টাইনে প্ৰায় ৩০০ বৈজ্ঞানিক প্ৰবন্ধ আৰু প্ৰায় ১৫০ সাধাৰণ প্ৰবন্ধ ৰচনা কৰে।