কল্যাণ অৰ্থনীতিৰ মৌলিক উপপাদ্য
উপপাদ্য / From Wikipedia, the free encyclopedia
কল্যাণমূলক অৰ্থনীতিৰ ২ মৌলিক উপপাদ্য আছে। প্ৰথম উপপাদ্যৰ মতে কোনো বজাৰ দুৰ্বল পাৰেট' ইষ্টত্বৰ প্ৰতি অগ্ৰসৰ হ'ব যদি এই চৰ্ত পূৰ্ণ হয়[1]:
1. পূৰ্ণ বজাৰ, শূণ্য লেনদেন খৰচ আৰু সেয়েহে প্ৰতি কৰ্মীৰ নিখুঁত তথ্য লাভ।
2. সকলোৱে দিয়া মূল্য গ্ৰহণ কৰে, কোনো একাধিপত্যবাদী নাই আৰু বজাৰলৈ আৰু বজাৰৰপৰা মুক্ত প্ৰৱেশ আৰু প্ৰস্থান।
তদুপৰি, প্ৰথম উপপাদ্যৰ মতে সাম্যাৱস্থাত পূৰ্ণ পাৰেট' ইষ্টত্ব দেখা যাব এই অতিৰিক্ত চৰ্ত পূৰ্ণ হ'লে:
3. পছন্দৰ স্থানীয় অসন্তুষ্টি: যিকোনো বাণ্ডলৰ ইচ্ছা কৰা মতে কাষত অন্ততঃ এক এনে বাণ্ডল আছে যাক অধিক পছন্দ কৰা হয়।
দ্বিতীয় উপপাদ্যৰ মতে সকলো পাৰেট' ইষ্ট ফলাফল সম্পত্তিৰ এক-ৰাশি পুনৰ্বিতৰণ কৰি আৰু তাৰ পাছত বজাৰক কাম কৰিবলৈ দি পাব পাৰি।