কাগজ
From Wikipedia, the free encyclopedia
কাগজ (ইংৰাজী: Paper) হৈছে কাঠ, বাহ, ঘাঁহ বা অন্য উদ্ভিদৰ ছেলুল'জ আঁহৰ পৰা যান্ত্ৰিকভাবে বা ৰাসায়নিকভাবে প্ৰস্তুত কৰা অতি পাতল চেপেটা পাত। উদ্ভিদৰ আঁহ জাতীয় উপাদানৰ পৰা মণ্ড তৈয়াৰ কৰা হয় আৰু এই মণ্ড যন্ত্ৰৰ সহায়ত চাপ দি পাতল প্ৰলেপ কৰি শুকুৱাই কাগজ প্ৰস্তুত কৰা হয়। কাগজ সাধাৰণতে লিখা, চিত্ৰ অঙ্কন আদিত ব্যৱহাৰ কৰা হয়। তদুপৰি ছপা কৰা, পেকেজিং, ডেকৰেটিং, চাফা কৰা, ফিল্টাৰ কাগজ, ৱালপেপাৰ, কিতাপৰ বেতুপাত, ইত্যাদি অনেক কামত কাগজ ব্যৱহাৰ কৰা হয়।
ক্ষিপ্ৰ তথ্য কাগজ, প্ৰকাৰ ...
কাগজ | |
---|---|
Card and paper stock for crafts use comes in a wide variety of textures and colors | |
প্ৰকাৰ | পাতল বস্তু |
ভৌতিক ধৰ্ম | |
ঘনত্ব (ρ) | From 10 gsm to 3000 gs |
বন্ধ কৰক
ক্ষিপ্ৰ তথ্য কাগজ, পৰম্পৰাগত চীনা লিপি ...
কাগজ | |||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
"Paper" in Traditional (top) and Simplified (bottom) Chinese characters | |||||||||||||||||||||
পৰম্পৰাগত চীনা লিপি | 紙 | ||||||||||||||||||||
সৰলীকৃত চীনা লিপি | 纸 | ||||||||||||||||||||
|
বন্ধ কৰক
প্ৰথম কাগজ প্ৰস্তুতকৰণ প্ৰক্ৰিয়া পূৱ এছিয়া, সম্ভৱত চীনত আৰম্ভ হৈছিল।[1] প্ৰায় দুশ খ্ৰীষ্টপূৰ্ৱতেই চীনৰ হান সাম্ৰাজ্যৰ চাই লুনৰ দ্বাৰা কাগজ আৰু মণ্ড দি কাগজ প্ৰস্তুত কৰা হৈছিল।[2] আধুনিক কালত উন্নত প্ৰযুক্তিৰে য়ুক্ত ৰাষ্ট্ৰত বৃহৎ পৰিমাণৰ কাগজ প্ৰস্তুত কৰা হয়।