কানাডাৰ প্ৰদেশ আৰু ভূখণ্ড সমূহ
From Wikipedia, the free encyclopedia
কানাডাত সৰ্বমুঠ দহখন প্ৰদেশ আৰু তিনিটা ভূখণ্ড আছে। এই সকলোবোৰ কানাডাৰ সংবিধানৰ অধীনত উপ-ৰাষ্ট্ৰীয় প্ৰশাসনিক বিভাগ। ১৮৬৭ চনত কানাডাৰ কনফেডাৰেচন (Canadian Confederation)ত ব্ৰিটিছ উত্তৰ আমেৰিকাৰ তিনিখন প্ৰদেশ অৰ্থাৎ নিউ ব্ৰুন্সউইক,ন'ভা স্ক'চিয়া আৰু কানাডা প্ৰদেশ (যি কনফেডাৰেচনৰ পিছত অন্টাৰিঅ’ আৰু ক্যুবেকত বিভক্ত হৈছিল)একত্ৰিত হৈ এক যুক্তৰাষ্ট্ৰ (federation) গঠন কৰে। পৰৱৰ্তী শতিকাত এই যুক্তৰাষ্ট্ৰই এক সম্পূৰ্ণ স্বাধীন দেশত পৰিণত হয়। বিভিন্ন সময়ত কানাডাৰ আন্তঃৰাষ্ট্ৰীয় সীমা কেইবাবাৰো সলনি হৈছে। কাৰণ এই সময়ছোৱাত কানাডাত নতুন প্ৰদেশ আৰু ভূখণ্ড সন্নিৱিষ্ট হৈ আহিছে। বৰ্তমান মাটিকালিৰ ভিত্তিত কানাডা বিশ্বৰ দ্বিতীয় বৃহত্তম দেশ হিচাপে পৰিগণিত হৈছে।
| |
---|---|
শ্ৰেণী | Federated state |
সংখ্যা |
|
চৰকাৰ | সাংবিধানিক ৰাজতন্ত্ৰ |
কানাডাৰ প্ৰদেশ আৰু ভূখণ্ডৰ মাজৰ প্ৰধান পাৰ্থক্যটো হ'ল প্ৰদেশসমূহে নিজৰ ক্ষমতা আৰু কৰ্তৃত্ব সংবিধান আইন, ১৮৬৭ (Constitution Act, 1867)ৰ পৰা লাভ কৰে। আনহাতে ভূখণ্ডৰ চৰকাৰসমূহ হৈছে বিধিগত (creatures of statute), যি এই ক্ষমতা কানাডাৰ সংসদৰ পৰা লাভ কৰে। সংবিধান আইনৰ পৰা অহা ক্ষমতা কানাডা চৰকাৰ (ফেডাৰেল চৰকাৰ) আৰু প্ৰাদেশিক চৰকাৰসমূহৰ মাজত বিভক্ত। ফেডাৰেল আৰু প্ৰাদেশিক চৰকাৰৰ মাজত ক্ষমতা বিভাজনৰ ক্ষেত্ৰত যিকোনো প্ৰস্তাৱিত পৰিৱৰ্তনৰ বাবে সাংবিধানিক সংশোধনৰ প্ৰয়োজন হয়। আনহাতে ভূখণ্ডসমূহক প্ৰভাৱিত কৰা একেধৰণৰ পৰিৱৰ্তন কানাডাৰ সংসদ বা চৰকাৰে একপক্ষীয়ভাৱে কৰিব পাৰে।