কালকা-চিমলা ৰেলৱে
From Wikipedia, the free encyclopedia
কালকা-চিমলা ৰেলৱে উত্তৰ-পশ্চিম ভাৰতৰ কালকা আৰু চিমলাৰ মাজত পৰ্বতীয়া পথেৰে চলাচল কৰা এটা নেৰগজ ৰেলসেৱা। পাহাৰ আৰু চৌপাশৰ মনোমোহা সৌন্দৰ্যৰ এই ৰেলসেৱা বিশেষভাৱে জনাজাত। ব্ৰিটিছ ভাৰতৰ গ্ৰীষ্মকালীন ৰাজধানী চিমলাক ভাৰতীয় ৰেল প্ৰণালীটোৰ সৈতে সংযোগ কৰিবলৈ কালকা-চিমলা ৰেলপথ নিৰ্মাণ কৰা হৈছিল। বৰ্তমান চিমলা হিমাচল প্ৰদেশৰ ৰাজধানী আৰু কালকা হাৰিয়ানা ৰাজ্যৰ পঞ্চকুলা জিলাৰ এখন নগৰ। সমগ্ৰ পথচোৱাৰ চকু জুৰোৱা সৌন্দৰ্য আৰু আশ্চৰ্যজনক নিৰ্মাণ-কাৰ্যই ভ্ৰমণকাৰীক নিৰ্বাক কৰি ৰাখে।
ক্ষিপ্ৰ তথ্য ভাৰতৰ পাৰ্বত্য ৰেল, দেশ ...
ভাৰতৰ পাৰ্বত্য ৰেল | |
---|---|
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম | |
তাৰাদেৱী ষ্টেচনত শিৱালিক ডিলাক্স এক্সপ্ৰেছ | |
দেশ | ভাৰত |
ধৰণ | সাংস্কৃতিক |
মাপকাঠি | ii, iv |
উদ্ধৃতি | ৯৪৪ |
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল | এছিয়াৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ |
অভিলিখনৰ ইতিহাস | |
অভিলিখন | ১৯৯৯ (২৩তম অধিবেশন) |
বিস্তাৰসমূহ | ২০০৫; ২০০৮ |
বন্ধ কৰক