কীটনাশক
From Wikipedia, the free encyclopedia
কীটনাশক হৈছে বিষাক্ত পদাৰ্থ যিয়ে পোক-পৰুৱা বিনাশ কৰাত সহায় কৰে। ৰাসায়নিক কীটনাশক মূলতঃ পোক-পৰুৱা নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা হয় ৷ ইয়াৰ প্ৰয়োগে পোক-পৰুৱাৰ কণী আৰু পলু ধ্বংস কৰে। কৃষিকে ধৰি চিকিৎসা, উদ্যোগিক আৰু ঘৰুৱা কামত প্ৰয়োগ কৰা হয়। বিংশ শতিকাত কৃষি উৎপাদনশীলতা বৃদ্ধিৰ প্ৰধান নিয়ন্ত্ৰক হিচাপে কীটনাশকৰ ব্যৱহাৰ সম্প্ৰসাৰিত হোৱা বুলি বিশ্বাস কৰা হয়। [1] কীটনাশকৰ লগত মিহলি কৰা খাদ্যই প্ৰায়ে মানুহৰ ক্ষতি কৰে। ইয়াৰ উপৰিও ব্যৱহৃত প্ৰায় সকলো ধৰণৰ কীটনাশকে পৰৱৰ্তী সময়ত জৈৱ বৈচিত্ৰ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলোৱা বুলি ভবা হয়। বহু ধৰণৰ কীটনাশক দ্ৰব্য মানুহৰ বাবেও ক্ষতিকাৰক। কিছুমান কীটনাশকে খাদ্য শৃংখলতো প্ৰভাৱ পেলায়।
নিকোটিন, নিমৰ পৰা আহৰণ কৰা প্ৰাকৃতিকভাৱে পোৱা কীটনাশক, পোক-পৰুৱাৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হয়। আমেৰিকা আৰু কানাডাকে ধৰি বিশ্বজুৰি নিকোটিন ভিত্তিক কীটনাশক এতিয়াও ব্যৱহাৰ কৰা হৈছে। কিন্তু ইউৰোপীয় সংঘৰ দেশসমূহত এনে কীটনাশকৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। [2] ধাতুৰ যৌগ আৰু আৰ্চেনেট, তাম আৰু ফ্ল'ৰিন যৌগৰে অ-হাৰ্বিচাইড প্ৰস্তুত কৰা হয় য'ত প্ৰায়ে চালফাৰ থাকে।