কুকুই
From Wikipedia, the free encyclopedia
ক’ক’ (ইংৰাজী: Coco), ক’কা (Coca), কুক’ (Cuco), কুকা (Cuca), কুকু (Cucu), কুকুই (Cucuy, Cucuí) বা অল কুকুই (El-Cucuí) হৈছে স্পেইন আৰু পৰ্তুগালৰ কিংবদন্তিত বৰ্ণিত এবিধ কিংবদন্তিমূলক জীৱ। ই হৈছে ব'গীমেনৰ সমতুল্য এবিধ পৌৰাণিক ভূতৰ দৰে দানৱ। এই কিংবদন্তিমূলক বিশ্বাসবোৰ বহু স্পেইনভাষী আৰু পতুৰ্গীজভাষী বাস কৰা দেশতো বিয়পি পৰিছে। ইয়াক ‘বাগবিয়াৰ’ৰ (Bugbear) আইবেৰিয়ান সংস্কৰণ বুলিও ক'ব পাৰি[1] কাৰণ ই এটা অযুক্তিকৰ বা অতিৰঞ্জিত ভয়ক প্ৰতিনিধিত্ব কৰা এটা সাধাৰণতে ব্যৱহৃত বাক্য। কুকুই এটা পুৰুষ সত্তা আনহাতে কুকা হৈছে পৌৰাণিক দানৱটোৰ নাৰী সংস্কৰণ। এই "দানৱ"টোৱে অবাধ্য শিশুবোৰত ৰাতি ঘৰলৈ আহি ধৰি লৈ যায় বুলি বিশ্বাস কৰা হয়।