কুমাঊঁ বিভাগ
From Wikipedia, the free encyclopedia
কুমাঊঁ (/ˈkɛmɔːʊ/; কুমাঊঁনী: Kumāū; pronounced [kuːmɔːʊ]) ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ এটি ৰাজহ আৰু প্ৰশাসনিক বিভাগ। ই উত্তৰাখণ্ডৰ পূব ভাগ সামৰে। কুমাঊঁৰ উত্তৰ দিশে তিব্বত, পূব দিশে নেপাল, দক্ষিণ দিশে উত্তৰ প্ৰদেশ আৰু পশ্চিম দিশে গঢ়ৱাল আছে। কুমাঊঁত ছখন জিলা অন্তৰ্ভুক্ত: অল্মোড়া, বাগেশ্বৰ, চম্পাৱত, নৈনীতাল, পিথৌৰাগঢ় আৰু উধম সিংহ নগৰ।
কুমাঊঁ কুৰ্মাঞ্চল মানসখণ্ড |
|
---|---|
— প্ৰশাসনীয় বিভাগ — | |
ঘড়ীৰ কাটাৰ দিশত ওপৰৰ পৰা: ৰাতি নৈনীতাল চহৰ, মুন্সিয়াৰীত গোৰী নদী, কাঠগোদাম, ৰানিখেত, জিম কৰ্বেট ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ জাক, কৌসানীৰ পৰা হিমালয় পৰ্বতৰ দৃশ্য, পঞ্চচুলী শৃংগ, জাগেশ্বৰ |
|
অন্য নাম: দেৱতাৰ ঘৰ[1] | |
ভাৰতত কুমাঊঁ | |
দেশ | ভাৰত |
প্ৰতিষ্ঠিত | ১৮১৫[2] |
জিলা | তালিকা
|
চৰকাৰ | |
- প্ৰকাৰ | বিভাগ |
- বিধায়িনী | * ভাৰতৰ সংসদ দ্বিসদন |
মাটিকালি | |
- মুঠ | ২১,০৩৫ কি.মি.২ (৮,১২১.৭ বৰ্গ মাইল) |
জনসংখ্যা | |
- মুঠ | ৪২,২৮,৯৯৮ জন |
- জনঘনত্ব | ২০১.০৪ প্ৰতি বৰ্গ কি.মি. (৫২০.৭ প্ৰতি বৰ্গ মাইল) |
বিশেষণ | কুমাঊঁনী, কুমাইয়ে |
জাতি আৰু ভাষা | |
- ভাষা | স্থানীয়: কুমাঊঁনী, থাৰু, ৰুংল' Official: Hindi |
- জাতি | কুমাঊঁনী, চৌকা, ৰুং, ভোটীয়া, থাৰু |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+5:30) |
যানবাহনৰ নম্বৰ | UK |
কুমাঊঁ হিমালয়ৰ সৰ্বোচ্চ শৃংগ | নন্দ দেৱী(৭,৮১৭ মিটাৰ)[3] |
কুমাঊঁ বিভাগৰ সৰ্বোচ্চ শৃংগ | সুনন্দ দেৱী ৭,৪৩৪ মিটাৰ |
সৰ্বনিম্ন উচ্চতা | শাৰদা সাগৰ (১৯০ মিটাৰ)[4] |
সৰ্ববৃহৎ হৃদ | ভীমতালl |
ৱেবছাইট | http://kumaon.gov.in/ |
ঐতিহাসিকভাৱে এই অঞ্চলক মানসখণ্ড আৰু পাছলৈ কুৰ্মাঞ্চল নামেৰে জনা গৈছিল। এই অঞ্চলত কেইবাটাও হিন্দু বংশই শাসন কৰিছিল, যাৰ মাজত কত্যুৰী আৰু চন্দ ৰাজবংশ উল্লেখনীয়। কুমাঊঁ বিভাগ ১৮১৬ চনত প্ৰতিষ্ঠা কৰা হৈছিল, যেতিয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে গোৰ্খাসকলৰ পৰা এই অঞ্চল পুনৰ্দখল কৰিছিল। গোৰ্খাসকলে ১৭৯০ চনত কুমাঊঁ দখল কৰিছিল। কুমাঊঁক তেতিয়াৰ চিডেড এণ্ড কংকুৱাৰ্ড প্ৰভিঞ্চেছৰ বিভাগ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল, যাৰ নাম পাছলৈ ইউনাইটেড প্ৰভিঞ্চেছ আৰু ভাৰতৰ স্বাধীনতাৰ পাছত উত্তৰ প্ৰদেশ হ'ল। ২০০০ চনত উত্তৰাখণ্ড ৰাজ্যক উত্তৰ প্ৰদেশৰ পৰা পৃথক কৰা হ'ল, আৰু কুমাঊঁ উত্তৰাখণ্ডৰ অংগ হ'ল।
কুমাঊঁৰ লোকক কুমাঊঁনী বোলা হয় আৰু তেওঁলোকে কুমাঊঁনী ভাষা কয়। কুমাঊঁ ভাৰতীয় সেনাৰ বিখ্যাত ৰেজিমেণ্ট, কুমাঊঁ ৰেজিমেণ্টৰ স্থল। পাহাড়ীয়া নৈনীতাল চহৰ কুমাঊঁৰ প্ৰশাসনিক কেন্দ্ৰ। এই চহৰতেই উত্তৰাখণ্ডৰ উচ্চ ন্যায়ালয়ো অৱস্থিত।[5] অন্য উল্লেখনীয় পাহাড়ীয়া চহৰ হ'ল অল্মোড়া, ৰানীখেত, পিথৌৰাগঢ়, চম্পাৱত আৰু বাগেশ্বৰ। পিচে কুমাঊঁৰ প্ৰায়বোৰ ডাঙৰ চহৰ, যেনে ৰামনগৰ, হল্দ্বানী, ৰুদ্ৰপুৰ আৰু কাশীপুৰ ভৈয়ামৰ ভবৰ আৰু তৰাঈ অঞ্চলতহে স্থিত।