কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ
From Wikipedia, the free encyclopedia
কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ (central nervous system বা CNS) বুলিলে মগজু আৰু স্নায়ুৰজ্জুৰে গঠিত স্নায়ু তন্ত্ৰৰ অংশক বুজায়। দ্বি সমমিত প্ৰাণীৰ ক্ষেত্ৰত (bilaterally symmetric animals) বা স্প'ঞ্জ আৰু জেলীফিছৰ দৰে প্ৰাণীৰ বাহিৰে সকলো বহুকোষী প্ৰাণীৰ ক্ষেত্ৰত ই গোতেই শৰীৰৰে পৰা তথ্য গ্ৰহণ, সমন্বয়কৰণ আৰু প্ৰভাৱিত কৰা বাবে ইয়াক কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ বোলা হয়। মাজত কোনো স্নায়ুগ্ৰন্থি (ganglion) নথকাকৈ মগজুৰ কলাত সংযোজিত হোৱা বাবে ৰেটিনা[2] আৰু নেত্ৰ স্নায়ু (প্ৰথম কৰোটিক স্নায়ু)-ৰ,[3][4] লগতে ঘ্ৰাণ স্নায়ু (প্ৰথম) আৰু ঘ্ৰাণ আচ্ছাদনকো (olfactory epithelium)[5] বহুতে কেন্দ্ৰীয় স্নায়ু তন্ত্ৰৰ অংশ হিচাপে গণ্য কৰে। এই মতে ঘ্ৰাণ স্নায়ু কেন্দ্ৰীয় স্নায়ু তন্ত্ৰৰ একমাত্ৰ কলা যি বাহিৰৰ পৰিবেশৰ সংস্পৰ্শত থাকে। [5] কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ পচ্ছাৎ দেহ গহ্বৰত (dorsal body cavity) অৱস্থিত; ইয়াৰে মস্তিষ্ক কৰোটিক গহ্বৰ (cranial cavity) আৰু স্নায়ুৰজ্জু স্নায়ু নলীত (spinal canal) থাকে। মেৰুদণ্ডী প্ৰাণীৰ ক্ষেত্ৰত মগজুক কৰোটিয়ে সুৰক্ষা দিয়ে আৰু স্নায়ুৰজ্জুক ৰাজহাড়ে ৰক্ষা কৰে। মস্তিষ্ক আৱৰণীয়ে মগজু আৰু স্নায়ুৰজ্জু দুয়োটাকে আৱৰি থাকে।[6]
কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ | |
---|---|
কেন্দ্ৰীয় স্নায়ু তন্ত্ৰক গুলপীয়া ৰং আৰু প্ৰান্তীয় স্নায়ুতন্ত্ৰক হালধীয়া ৰঙেৰে দেখুওৱা ৰেখাচিত্ৰ | |
সবিশেষ | |
লসিকা | 224 |
চিনাক্তকাৰক | |
লেটিন | Systema nervosum centrale pars centralis systematis nervosi[1] |
MeSH | D002490 |
TA98 | A14.1.00.001 |
TA2 | 5364 |
FMA | 55675 |
দেহতাত্ত্বিক পৰিভাষা |