ক্লডিয়া গোল্ডিন
আমেৰিকান অৰ্থনীতিবিদ আৰু অৰ্থনীতিৰ নোবেল বঁটা বিজয়ী / From Wikipedia, the free encyclopedia
ক্লডিয়া ডেল গোল্ডিন (ইংৰাজী: Claudia Dale Goldin; জন্ম: ১৪ মে', ১৯৪৬) এগৰাকী আমেৰিকান অৰ্থনৈতিক ইতিহাসবিদ আৰু শ্ৰম অৰ্থনীতিবিদ। বৰ্তমান তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ হেনৰী লী অধ্যাপক পদত অধিষ্ঠিত। ২০২৩ চনৰ অক্টোবৰ মাহত তেওঁক "মহিলাৰ শ্ৰমদানৰ বজাৰ মূল্যৰ বিষয়ে থকা আমাৰ ধাৰণাক উন্নত কৰাৰ বাবে" আলফ্ৰেড নোবেলৰ স্মৃতিত প্ৰদান কৰা অৰ্থনৈতিক বিজ্ঞানৰ স্বেৰিজেছ ৰিস্কবেংক বঁটা বা অৰ্থনীতিৰ নোবেল বঁটা প্ৰদান কৰা হয়।[2] ক্লডিয়া গোল্ডিন এই বঁটা লাভ কৰা তৃতীয়গৰাকী মহিলা আৰু এককভাৱে বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা।[3]
ক্লডিয়া গোল্ডিন | |
---|---|
২০১৯ চনত ক্লডিয়া গোল্ডিন | |
জন্ম | ক্লডিয়া ডেল গোল্ডিন ১৪ মে', ১৯৪৬ (৭৭ বছৰ) নিউয়ৰ্ক মহানগৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ |
ক্ষেত্ৰ |
|
কৰ্মস্থান |
|
ডক্তৰেল পৰামৰ্শদাতা | ৰবাৰ্ট ফগেল[1] |
ডক্তৰেল বিদ্যাৰ্থী |
|
উল্লেখনীয় বঁটা |
|
১৯৮৯ চনৰ পৰা ২০১৭ চনলৈকে তেওঁ এন বি ই আৰৰ ডেভেলপমেণ্ট অৱ দ্য আমেৰিকান ইকনমি প্ৰগ্ৰেমৰ সঞ্চালিকা আছিল। তেওঁ বৰ্তমান নেচনেল ব্যুৰো অৱ ইকনমিক ৰিচাৰ্চ (এন বি ই আৰ)ৰ জেণ্ডাৰ ইন দা ইকনমি ষ্টাডি গ্ৰুপৰ সহ-পৰিচালক। গোল্ডিনৰ গৱেষণায়ে মহিলাৰ শ্ৰমিক শক্তি, উপাৰ্জনৰ ক্ষেত্ৰত লিংগ ব্যৱধান, আয়ৰ বৈষম্য, প্ৰযুক্তিগত পৰিৱৰ্তন, শিক্ষা আৰু অনুপ্ৰৱেশ আদি বিষয় সাঙুৰি লৈছে। তেওঁৰ গৱেষণাই অতীতৰ প্ৰেক্ষাপটত বৰ্তমানৰ ব্যাখ্যা কৰে আৰু বৰ্তমানৰ সমস্যাৰ উৎপত্তিৰ বিষয়ে অন্বেষণ কৰে। তেওঁৰ গ্ৰন্থ কেৰিয়াৰ এণ্ড ফেমিলি: উইমেনছ চেঞ্চুৰী-লং জাৰ্নি টুৱাৰ্ড ইকুইটি (প্ৰিন্সটন ইউনিভাৰ্চিটি প্ৰেছ) ২০২১ চনৰ ৫ অক্টোবৰ তাৰিখে প্ৰকাশ পাইছিল। মহিলাৰ কাম আৰু শ্ৰম বজাৰৰ ফলাফল অধ্যয়নত তেওঁৰ অৱদান অৰ্থনৈতিক উন্নয়নত মহিলাৰ ভূমিকা অধ্যয়নকে ধৰি অৰ্থনীতি আৰু অৰ্থনৈতিক ইতিহাসৰ ক্ষেত্ৰসমূহত ইয়াৰ প্ৰভাৱত পৰিলক্ষিত হৈছে।[4]
২০১৩–১৪ শিক্ষাবৰ্ষত তেওঁ আমেৰিকান ইকনমিক এছ’চিয়েশ্যনৰ সভাপতি আছিল। ১৯৯০ চনত হাৰ্ভাৰ্ডৰ অৰ্থনীতি বিভাগত আজীৱন অধ্যাপিকা পদ লাভ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।[5]