চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী
ৰাজনৈতিক নেতা / From Wikipedia, the free encyclopedia
চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী (ইংৰাজী: Chakravarti Rajagopalachari; জন্ম:১৮৭৯ – মৃত্যু:১৯৭২) ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী কৰ্ণধাৰ সদস্য আছিল। তেওঁ স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল আৰু স্বতন্ত্ৰ দলৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। তেওঁ ওকালতি, ৰাজনীতি, প্ৰশাসন, সাহিত্য আদি প্ৰতিটো দিশতে ব্যুৎপত্তি আছিল। তেওঁ জাতত ব্ৰাহ্মণ পৰিয়ালৰ লোক আছিল যদিও ধৰ্মত তেওঁৰ গোড়ামি নাছিল।[উদ্ধৃতিৰ প্ৰয়োজন] সকলো শ্ৰেণীৰ লোককে তেওঁ সমভাৱত চাইছিল।[উদ্ধৃতিৰ প্ৰয়োজন] তেওঁৰ চৰিত্ৰৰ এক বিশেষ বৈশিষ্ট্য আছিল যে, সত্য কথা তেওঁ সদায় লুক-ঢাক নকৰাকৈ প্ৰকাশ কৰিছিল। সমস্যা যিমানেই গভীৰ নহওক, তাৰ সন্মুখীন হ’বপৰা দক্ষতা তেওঁৰ আছিল। তদুপৰি তেওঁ আছিল দূৰদৰ্শী লোক। সেয়ে এনেবোৰ গুণেৰে বিভূষিত আছিল কাৰণে লোকে তেওঁক আধুনিক চাণক্য নাম দিছিল। সৰ্বসাধাৰণে তেওঁক ৰাজাজী বা ৰাজাগোপালাচাৰী বুলিহে সম্বোধন কৰিছিল। ১০৪৮ চনৰ পৰা ১৯৫০ চনলৈ তেওঁ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল আছিল, ১৯৫১ চনৰ পৰা তেওঁ ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী আৰু ১৯৫২ চনৰ পৰা ১৯৫৪ চনলৈ তেওঁ আছিল তামিলনাডুৰ মুখ্যমন্ত্ৰী। ১৯৫৪ চনত ভাৰত চৰকাৰে তেওঁক ভাৰত-ৰত্ন উপাধিৰে সন্মানিত কৰিছিল৷[1]
এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী | |
---|---|
১৯৪৪ চনত চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী | |
ভাৰতৰ ৰাজ্যপাল | |
কাৰ্যকাল ২১ জুন, ১৯৪৮ – ২৬ জানুৱাৰী, ১৯৫০ | |
ৰাজশাসক | জৰ্জ VI |
প্ৰধানমন্ত্ৰী | জৱাহৰলাল নেহৰু |
পূৰ্বসূৰী | দ্য আৰ্ল মাউণ্টবেটেন (বাৰ্মা) |
উত্তৰসূৰী | Position abolished |
মাদ্ৰাজৰ মুখ্যমন্ত্ৰী | |
কাৰ্যকাল ১০ এপ্ৰিল ১৯৫২ – ১৩ এপ্ৰিল ১৯৫৪ | |
ৰাজ্যপাল | শ্ৰী প্ৰকাশা |
পূৰ্বসূৰী | পি. এছ. কুমাৰাস্বামী ৰাজা |
উত্তৰসূৰী | কে. কামাৰাজ |
গৃহ মন্ত্ৰালয় (ভাৰত) | |
কাৰ্যকাল ২৬ ডিচেম্বৰ ১৯৫০ – ২৫ অক্টোবৰ ১৯৫১ | |
প্ৰধানমন্ত্ৰী | জৱাহৰলাল নেহৰু |
পূৰ্বসূৰী | বল্লভভাই পেটেল |
উত্তৰসূৰী | কৈলাস নাথ কাটজু |
পশ্চিম বংগৰ ৰাজ্যপাল | |
কাৰ্যকাল ১৫ আগষ্ট ১৯৪৭ – ২১ জুন ১৯৪৮ | |
Premier | প্ৰফুল্ল চন্দ্ৰ ঘোষ বিধান চন্দ্ৰ ৰয় |
পূৰ্বসূৰী | ফ্ৰেডেৰিক বুৰৌচ |
উত্তৰসূৰী | কৈলাস নাথ কাটজু |
মাদ্ৰাজৰ মুখ্যমন্ত্ৰী (তেতিয়াৰ প্ৰধানমন্ত্ৰী) | |
কাৰ্যকাল ১৪ জুলাই ১৯৩৭ – ৯ অক্টোবৰ ১৯৩৯ | |
ৰাজ্যপাল | দ্য লৰ্ড এৰছকাইন |
পূৰ্বসূৰী | কুমাৰ ভেংকট ৰেড্ডী নাইডু |
উত্তৰসূৰী | টাংগুটুৰি প্ৰকাশম |
ব্যক্তিগত তথ্য | |
জন্ম | ১০ ডিচেম্বৰ, ১৮৭৮ থৰাপল্লি, ব্ৰিটিছ ৰাজ (বৰ্তমান ভাৰতত) |
মৃত্যু | ২৫ ডিচেম্বৰ, ১৯৭২ (৯৪ বছৰ) মাদ্ৰাজ, ভাৰত |
ৰাজনৈতিক দল | স্বতন্ত্ৰ দল (১৯৫৯–১৯৭২) |
আন ৰাজনৈতিক সম্পৰ্ক |
ভাৰতীয় জাতীয় কংগ্ৰেছ (১৯৫৭ ৰ আগত) ভাৰতৰ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক কংগ্ৰেছ (১৯৫৭–১৯৫৯) |
দাম্পত্যসঙ্গী | আলামেলু মাংগাম্মা (১৮৯৭ - ১৯১৬) |
শিক্ষানুষ্ঠান | কেন্দ্ৰীয় মহাবিদ্যালয় প্ৰেছিডেন্সী মহাবিদ্যালয়, মাদ্ৰাজ |
জীৱিকা | উকীল লিখক ষ্টেটছমেন |