ছুনামি
From Wikipedia, the free encyclopedia
ছুনামি (ইংৰাজী: Tsunami)এটা জাপানী শব্দ। ছু (Tsu) মানে বন্দৰ আৰু নামি (nami) মানে ঢৌ। ছুনামিৰ অৰ্থ হ'ল সাগৰৰ বিশাল ঢৌ। বিশেষ কেইটামান কাৰণত সমুদ্ৰ-তৰংগ যেতিয়া উপকূলভাগত আছাৰ খাই পৰি মহাতংৰগলৈ ৰূপান্তৰিত হয়,তাকে ছুনামি কোৱা হয়। ছুনামি হ'ল প্ৰবল জলোচ্ছ্বাস। সকলো ছুনামি ভয়াবহ নহয়। সমুদ্ৰ গৰ্ভত হোৱা ভূমিকম্প,নিমজ্জিত আগ্নেয়গিৰিৰ আকস্মিক উদগীৰণ,ভূমিস্খলন আদি কাৰণত সাধাৰণতে ছুনামিৰ সৃষ্টি হয়।[1]