জহান্স কেপলাৰ
From Wikipedia, the free encyclopedia
জহান্স কেপলাৰ (জাৰ্মান: Johannes Kepler; ২৭ ডিচেম্বৰ, ১৫৭১ – ১৫ নৱেম্বৰ, ১৬৩০) এজন জাৰ্মান গণিতবিদ, জ্যোতিৰ্বিজ্ঞানী আৰু জ্যোতিষী আছিল। তেওঁ ১৭শ শতিকাৰ জ্যোতিৰ্বৈজ্ঞানিক বিপ্লৱৰ অন্যতম প্ৰধান ব্যক্তিত্ব আছিল। কেপলাৰৰ গ্ৰহীয় গতিসূত্ৰ আৰু কেপলাৰ কনজেকচাৰৰ কাৰণে তেখেত বিখ্যাত। পৰৱৰ্তীসময়ৰ জ্যোতিৰ্বিজ্ঞানীসকলে তেখেতৰ লেখা 'এষ্ট্ৰনমিয়া নোভা', 'হাৰমোনিকেছ মুন্দি' আৰু 'এপিতোমে এষ্ট্ৰনমিয়াই কোপেৰনিকানাই' গ্ৰন্থসমূহৰ মাজত লেখা নীতিসমূহকে তেখেতৰ সূত্ৰ হিচাপে নামকৰণ কৰিছে।
এই জীৱনী বিষয়ক চমু প্ৰবন্ধটোক বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
জহান্স কেপলাৰ | |
---|---|
কেপলাৰৰ ১৬১০ চনৰ এখন পোৰ্ট্ৰেইট, শিল্পী অজ্ঞাত | |
জন্ম | ২৭ ডিচেম্বৰ, ১৫৭১ ষ্টুটগাৰ্টৰ সমীপৱৰ্তী ভাইল ডেআ ষ্টাটেৰ ফ্ৰি ইম্পেৰিয়াল চিটি, হলি ৰোমান এম্পায়াৰ (বৰ্তমান জাৰ্মানীৰ ষ্টুটগাৰ্ট) |
মৃত্যু | ১৫ নৱেম্বৰ, ১৬৩০ (৫৮ বছৰ) ৰেগেন্সবুৰ্গ, বাভাৰিয়াৰ ইলেক্টোৰেট, হলি ৰোমান এম্পায়াৰ (বৰ্তমান জাৰ্মানী) |
বাসস্থান | ভিআটেমবেৰ্গ, ষ্টিৰিয়া, বোহেমিয়া, আপাৰ অষ্ট্ৰিয়া |
ক্ষেত্ৰ | জ্যোতিৰ্বিজ্ঞান, জ্যোতিষ শাস্ত্ৰ, গণিত আৰু প্ৰাকৃতিক দৰ্শন |
কৰ্মস্থান | ইউনিভাৰ্চিটি অফ লিনৎস |
শিক্ষানুষ্ঠান | ইউনিভাৰ্চিটি অফ টুবিঙ্গেন |
জনা যায় | কেপলাৰৰ গ্ৰহীয় গতিসূত্ৰ কেপলাৰ কনজেকচাৰ |
স্বাক্ষৰ |
কৰ্মজীৱনত কেপলাৰ আছিল অষ্ট্ৰিয়াৰ গ্ৰাৎস চহৰত অৱস্থিত এখন স্কুলৰ গণিতৰ শিক্ষক য’ত তেওঁ প্ৰিন্স হান্স উলৰিখ ফন এগেনবেৰ্গৰ এজন ঘনিষ্ঠ সহযোগীতে পৰিণত হয়। ইয়াৰ পাছত বিখ্যাত জ্যোতিৰ্বিজ্ঞানী ট্যুকো ব্ৰাহেৰ সহকাৰী হয় আৰু এটাসময়ত সম্ৰাট ৰুডলফ ২ আৰু তেওঁৰ দুই উত্তৰসূৰী মাটিয়াচ আৰু ফেৰ্ডিনাণ্ড ২ ৰ ৰাজগণিতবিদ হিচাপে কাম কৰে। ইয়াৰ বাদেও অষ্ট্ৰিয়াৰ লিনৎস চহৰত গণিত পঢ়িছিল আৰু জেনাৰেল ভালেনষ্টাইনেৰ উপদেষ্টা হিচাপেও কাম কৰিছিল। সমসাময়িকভাৱে তেওঁ আলোকবিদ্যাৰ মৌলিক নীতি লৈ কাম কৰিছে, প্ৰতিসৰণ দুৰবীনৰ এটা উন্নততৰ সংস্কৰণ নিৰ্মাণ কৰে যাৰ নাম বৰ্তমানেও কেপলাৰীয় দূৰবীণ হিচাপে পৰিচিত।
কেপলাৰ যেতিয়া জীবিত অৱস্থাত আছিল তেতিয়া জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিষ শাস্ত্ৰৰ মাজত একো পাৰ্থক্য নাছিল, কিন্তু জ্যোতিৰ্বিজ্ঞানৰ সৈতে সুস্পষ্ট পাৰ্থক্য আছিল পদাৰ্থবিজ্ঞানৰ। সেইসময়ত পদাৰ্থবিজ্ঞান প্ৰাকৃতিক দৰ্শনৰ এটা শাখা আছিল আৰু জ্যোতিৰ্বিদ্যা আছিল লিবাৰেল আৰ্টচৰ অন্তৰ্ভুক্ত গণিতৰ এটা উপশাখা। কেপলাৰেও তেখেতৰ আবিষ্কাৰসমূহক ধৰ্মীয় যুক্তিৰ মাধ্যমেৰে সিদ্ধ কৰাৰ চেষ্টা কৰিছিল, তেওঁ মন কৰিছিল ঈশ্বৰে এটা মহাপৰিকল্পনাৰ অংশ হিচাপে বিশ্বজগত সৃষ্টি কৰিছে আৰু প্ৰাকৃতিক কাৰ্যকাৰণ অনুসন্ধানৰ মাধ্যমেই কেৱল সেই পৰিকল্পনাৰ কিছু বুজা সম্ভৱ।[1] এইবাবেই বোধহয় কেপলাৰৰ গবেষণাকৰ্মক জ্যোতিৰ্বিজ্ঞান নুবুলি জ্যোতিৰ্বিদ্যা বুলিলেই বেছি যুক্তিসঙ্গত হ’ব। তেওঁ তেখেতৰ নতুন জ্যোতিৰ্বিদ্যাৰ নাম দিছিল "খ-পদাৰ্থবিদ্যা" (celestial physics)[2] যাকে বিবেচনা কৰা যাব পাৰে এৰিষ্টটলৰ অধিবিদ্যাৰ জগতত এটা বিশেষ অভিযাত্ৰা[3] আৰু এৰিষ্টটলৰ "অন দ্য হেভেনচ" গ্ৰন্থৰ উত্তৰখণ্ড হিচাপে।[4] মূলকথা, জ্যোতিৰ্বিদ্যাক সৰ্বজনীন গাণিতিক পদাৰ্থবিদ্যাৰ এটা শাখা হিচাপে বিবেচনা কৰি তেওঁ ভৌত বিশ্বতত্ত্বৰ সুপ্ৰাচীন প্ৰথাক এটা নতুন আঙ্গিক মাত্ৰা প্ৰদান কৰিছিল।[5]