নাজিয়া হাচান
From Wikipedia, the free encyclopedia
নাজিয়া হাচান (উৰ্দু: نازیہ حسن; ৩ এপ্ৰিল ১৯৬৫- ১৩ আগষ্ট ২০০০)[1] এগৰাকী পাকিস্তানী পপ গায়িকা, আইনজীৱী আৰু সমাজ-সেৱিকা আছিল। ১০ বছৰ বয়সত তেওঁ সঙ্গীতৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পাকিস্তান আৰু ভাৰতৰ অতি প্ৰসিদ্ধ সঙ্গীত-শিল্পীৰ অন্যতম আছিল। তেওঁৰ জনপ্ৰিয়তা সমগ্ৰ দক্ষিণ এচিয়া আৰু দক্ষিণ-পূব এচিয়াত বিয়পি পৰিছিল আৰু “পপ সঙ্গীতৰ ৰাণী” বুলি খ্যাতি অৰ্জন কৰিছিল।[2][3] বিশ্বব্যাপি ৬৫ মিলিয়ন ভায়েক জোহেব হাচানৰ সৈতে গোৱা তেওঁৰ গীতৰ ৰেকৰ্ড বিক্ৰী হৈছিল।[4][5] ইংৰাজী ভাষাৰ একক এলবাম ড্ৰীমাৰ দিৱানেৰ যোগে ব্ৰিটিছ তালিকাত স্থান লাভ কৰা তেওঁ প্ৰথম পাকিস্তানী আছিল।[6] সঙ্গীত কেৰিয়াৰৰ মধ্যৱৰ্তী অৱস্থাত নাজিয়াই অৰ্থনীতি আৰু আইনত লণ্ডনৰ দুখন সু-প্ৰতিষ্ঠিত শিক্ষানুষ্ঠান ৰিচমণ্ড, দ্য আনেৰিকান ইউনিভাৰ্চিটি অৱ ইন লণ্ডন আৰু লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।
নাজিয়া হাচান | |
---|---|
১৯৯১ৰ ইউনিচেফৰ এটা অনুষ্ঠানত নাজিয়া হাচান | |
প্ৰাথমিক তথ্য | |
জন্মৰ নাম | নাজিয়া হাচান |
জন্ম | ৩ এপ্ৰিল, ১৯৬৫[1] কৰাচী, সিন্ধ, পাকিস্তান |
মৃত্যু | ১৩ আগষ্ট, ২০০০ (৩৫ বছৰ)[1] লণ্ডন, ইংলেণ্ড, যুক্তৰাজ্য |
সংগীতৰ প্ৰকাৰ |
|
পেচা |
|
বাদ্যযন্ত্ৰ | Vocals |
কাৰ্যকাল | 1980–1992 |
ৰেকৰ্ড লেবেল | EMI Records CBS India, and Polygram |
সহযোগী | Zohaib Hassan, Biddu, Sohail Rana, Sultana Siddiqui, Nadeem Baig, Meera Syal, Rita Wolf |
নাজিয়াই গোৱা ভাৰতীয় চিনেমাৰ প্ৰথমটো গীত হ’ল “কুৰবাণী” (১৯৮০) ছবিৰ “আপ জেইচা কোই”।[7] তেওঁৰ প্ৰথম এলবাম ডিস্কো দিৱানে (১৯৮১) ১৪খন দেশত বিতৰণ হৈছিল আৰু এচিয়’ পপৰ সেই সময়ৰ সৰ্বোচ্চ বিক্ৰীৰ ৰেকৰ্ড অতিক্ৰম কৰিছিল।[8] এই ধাৰাবহিকতা বুম বুম (১৯৮২),ইয়ং তৰং (১৯৮৪)[9][10] আৰু হট লাইনতো (১৯৮৭) অক্ষুণ্ণ আছিল। তেওঁৰ শেষ এলবাম কেমেৰা কেমেৰা ড্ৰাগচ্ বিৰোধী অভিযানৰ এক অংশ আছিল।[11] ভাতৃৰ সৈতে বহুকেইটা টেলিভিশ্বনৰ অনুষ্ঠানত তেওঁক একেলগে দেখা গৈছিল। ১৯৮৮ত তেওঁ বিশিষ্ট সঙ্গীত শিল্পী চোহেল ৰাণাৰ সৈতে চাং চাং নামৰ অনুষ্ঠানত অংশ লৈছিল। তেওঁলোকে সোৱেব মনচুৰ প্ৰযোজিত পপ সঙ্গীতৰ সৰ্বপ্ৰথম মঞ্চ প্ৰদৰ্শন মিউজিক '৮৯ আঁতধৰোঁতাৰ দায়িত্ব পালন কৰিছিল।[12] নাজিয়াৰ সফলতাই ভাৰতীয় আৰু পাকিস্তানী পপ সঙ্গীতক এক নিৰ্দিষ্ট আকাৰ দিয়াত বিশিষ্ট ভূমিকা পালন কৰিছিল।
নাজিয়াৰ সঙ্গীত কেৰিয়াৰৰ দৈৰ্ঘ্য যদিও মাত্ৰ পোন্ধৰ বছৰহে, তথাপি তেওঁ সৰ্বাধিক জনপ্ৰিয় চেলিব্ৰিটিসকলৰ অন্যতম আছিল। তেওঁ বহুকেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল আৰু মাত্ৰ পোন্ধৰ বছৰ বয়সতে ফিল্মফেয়াৰ বঁটা বিজেতা প্ৰথম পাকিস্তানী আৰু সেই সময়ৰ সৰ্ব-কনিষ্ঠ ফিল্মফেয়াৰ বিজেতা আছিল। হাচানক পাকিস্তানৰ অসামৰিক প্ৰাইড অৱ পাৰফৰমেঞ্চ সন্মানেৰে ভূষিত কৰা হৈছিল। তেওঁ সমাজসেৱামূলক কাৰ্যৰেও জড়িত হৈ পৰিছিল আৰু ইউনিচেফৰ ১৯৯১ৰ সাংস্কৃতিক এম্বেচেদৰ নিযুক্ত হৈছিল।[13] ২০০০ চনৰ ১৩ আগষ্টৰ দিনা মাত্ৰ ৩৫ বছৰ বয়সত হাওফাৰ কৰ্কট ৰোগত তেওঁৰ মৃত্যু হৈছিল।