পৰিমিতি
From Wikipedia, the free encyclopedia
পৰিমিতি হৈছে গণিতৰ এক বৃহৎ শাখা য'ত বিভিন্ন জ্যামিতিক আকৃতি সমূহৰ সৈতে জড়িত বিভিন্ন মাপ বা জোখ-মাখবোৰ লোৱা হয়। মাপ হৈছে কোনো বস্তু বা ঘটনাৰ বিশেষত্ব বুজাবলৈ ব্যৱহাৰৰ কৰা এক সংখ্যাত্মক প্ৰকল্প। যাৰ তুলনা অন্য বস্তু বা ঘটনাৰ সৈতে কৰিব পাৰি।[1][2] মাপৰ পৰিসৰ আৰু তাৰ প্ৰয়োগ নিৰ্ভৰ কৰে মাপৰ প্ৰাসংগিকতা আৰু নিয়মানুগত্যতাৰ ওপৰত। পৰিমিতিৰ শাখাটোৱে জ্যামিতিক আকৃতি সমূহৰ পৰিসীমা, কালি, ঘনফল আদিৰ মান নিৰ্ণয় কৰে।