ফাৰাও
From Wikipedia, the free encyclopedia
ফাৰাও (ইংৰাজী: Pharaoh) হৈছে প্ৰাচীন ইজিপ্টৰ প্ৰথমটো ৰাজবংশৰ পৰা (৩১৫০ খ্ৰীষ্টপূৰ্ব) ৰোমানসকলে অধিগ্ৰহণ কৰালৈকে (৩০ খ্ৰীষ্টপূৰ্ব) সম্ৰাটসকলক বুজাবলৈ বৰ্তমান কালত ব্যৱহাৰ কৰা উপাধি।[3] অৱশ্যে ফাৰাও শব্দটো ১২১০ খ্ৰীষ্টপূৰ্বৰ আগলৈকে অৰ্থাৎ মাৰ্নেপ্টাহৰ ৰাজত্বকালৰ পূৰ্বে সমসাময়িক শাসকসকলে ব্যৱহাৰ কৰা নাছিল। অষ্টাদশ ক্ৰমৰ ৰাজবংশৰ শাসনকালৰ মধ্যভাগলৈকে কিং বা ৰজা শব্দটোৱেই অধিক ব্যৱহাৰ হৈছিল। প্ৰাৰম্ভিক কালৰ ৰাজবংশসমূহৰ ৰজাসকলে তিনিটালৈকে উপাধি গ্ৰহণ কৰিছিল। সেয়া আছিল হ'ৰাছ, ছেয আৰু বি, আৰু দুই নাৰী (উজনি আৰু নামনি অঞ্চলৰ দুই প্ৰতিপালক দেৱী) বা নেবটি উপাধি। পিছলৈ গ'ল্ডেন বা সোণালী হ'ৰাছ, ন'মেন বা প্ৰেন'মেন আদি উপাধিৰো সংযোজন ঘটে।
প্ৰাচীন ইজিপ্ট | |
---|---|
ফাৰাওসকলে পৰিধান কৰা স্কেণ্ট নামৰ শিৰোধান। ই নামনি ইজিপ্টৰ ডেছ্ৰেট (ৰক্তবৰ্ণৰ মুকুট) আৰু উজনি ইজিপ্টৰ হেডজেটৰ (শুভ্ৰবৰ্ণৰ মুকুট) সংমিশ্ৰণ। | |
তৃতীয় ৰাজবংশৰ ফাৰাও জ'ছেৰৰ সময়ৰ পৰা ফাৰাওসকলক নেমেছ নামৰ শিৰোধান, কৃত্ৰিম দাড়ি আৰু শ্বেনডিট নামৰ দণ্ডৰ সৈতে উপস্থাপন কৰা হয়। | |
বিৱৰণ | |
প্ৰথম সম্ৰাট | ৰজা নৰ্মাৰ বা মেনিছ (পৰম্পৰা অনুসৰি)
(ৰজাক বুজাবলৈ ফাৰাও শব্দৰ ব্যৱহাৰ প্ৰথমে ১২১০ খ্ৰীষ্টপূৰ্বতহে হৈছিল) |
অন্তিম সম্ৰাট |
|
গঠন | ৩১৫০ খ্ৰীষ্টপূৰ্ব |
অন্ত | |
বাসস্থান | বিভিন্ন |
ইজিপ্টৰ সমাজত সকলোৰে জীৱনত ধৰ্ম কেন্দ্ৰীয় বিষয় আছিল। দেৱতা আৰু জনসাধাৰণৰ মাজত মধ্যস্থতাকাৰী হিচাপে ভূমিকা পালন কৰাটো ফাৰাওৰ এক দায়িত্ব আছিল। সেয়ে অসামৰিক আৰু ধাৰ্মিক উভয় ক্ষেত্ৰৰে প্ৰশাসক হিচাপে ফাৰাওক নিযুক্ত কৰা হৈছিল। তেওঁ ইজিপ্টৰ সমস্ত ভূখণ্ডৰ গৰাকী হোৱাৰ লগতে আইন প্ৰণয়ন কৰা, কৰ সংগ্ৰহ কৰা আৰু সামৰিক বাহিনীৰ সেনানায়ক হিচাপে অনুপ্ৰৱেশকাৰীৰ পৰা দেশখনক সুৰক্ষা প্ৰদান কৰিছিল।[4] ধৰ্মৰ ক্ষেত্ৰত ফাৰাওসকলে ধৰ্মীয় অনুষ্ঠানসমূহৰ গুৰি ধৰিছিল আৰু নতুন মন্দিৰ নিৰ্মাণ কৰাৰ ঠাই নিৰ্বাচন কৰিছিল। মাট অৰ্থাৎ সমতা আৰু ন্যায় ৰক্ষা কৰাটো ফাৰাওসকলৰ অন্যতম দায়িত্ব আছিল আৰু প্ৰতিৰক্ষা বা সমল আহৰণৰ বাবে যুদ্ধলৈ যোৱাটোও ইয়াৰ এক অংশ আছিল।[5]
প্ৰাৰম্ভিক কালত উজনি আৰু নামনি ইজিপ্টৰ একত্ৰীকৰণৰ আগলৈকে ডেছ্ৰেট বা ৰক্তবৰ্ণ মুকুটে নামনি ইজিপ্টক সূচাইছিল। ইয়াৰ বিপৰীতে হেডজেট বা শুভ্ৰবৰ্ণ মুকুট উজনিৰ ৰজাসকলে পৰিধাণ কৰিছিল। দুয়োখণ্ড একেলগ হোৱাৰ পিছত ৰক্ত আৰু শুভ্ৰবৰ্ণৰ মুকুটো একলগ কৰি ফাৰাওসকলৰ আনুষ্ঠানিক শিৰোধান হিচাপে স্কেণ্টৰ জন্ম দিয়া হয়। সময় বাগৰাৰ লগে লগে বিভিন্ন ৰাজবংশৰ উত্থান ঘটে আৰু ইয়াৰ লগে লগে খাট, নেমিছ, এটিফ, হেমহেম আৰু খেপ্ৰেছ আদি শিৰোধানৰ সৃষ্টি হয়। কোনো কোনো সময়ত এই শিৰোধানসমূহৰ একেলগে সানমিহলি কৰি পৰিধান কৰাৰ কথাও পোৱা যায়।