ফিফা বিশ্বকাপ
আন্তঃৰাষ্ট্ৰীয় সংঘৰ ফুটবল প্ৰতিযোগিতাত জ্যেষ্ঠ পুৰুষৰ জাতীয় দলে প্ৰতিদ্বন্দ্বিতা কৰে / From Wikipedia, the free encyclopedia
ফিফা বিশ্বকাপ বা সাধাৰণভাবে বিশ্বকাপ হৈছে, আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ তদাৰককাৰী সংস্থা ফিফা (Fédération Internationale de Football Association)ৰ সদস্য ৰাষ্ট্ৰসমূহৰ পুৰুষ ফুটবল দলসমূহৰ মাজত হোৱা এখন আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা। ১৯৪২ চন আৰু ১৯৪৬ চনক বাদ দি ১৯৩০ চনৰ পৰা প্ৰতি চাৰি বছৰৰ মূৰে মূৰে এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈ আহিছে, ১৯৪২ আৰু ১৯৪৬ দ্বিতীয় বিশ্বযুদ্ধৰ বাবে এই প্ৰতিযোগিতা হোৱা নাছিল। বৰ্তমান এই বিশ্বকাপৰ চেম্পিয়ন দল ফ্ৰান্স, ফ্ৰান্সে ২০১৮ চনৰ বিশ্বকাপ দখল কৰিছিল।[1]
আৰম্ভণি | ১৯৩০ |
---|---|
স্থান | আন্তঃৰাষ্ট্ৰীয় |
দলৰ সংখ্যা | ৩২ (মূল পৰ্ব) ২১১ (প্ৰাৰম্ভিক পৰ্ব) |
বৰ্তমান বিজয়ী(সমূহ) | ফ্ৰান্স (২টা খিতাপ) |
সকলোতকৈ সফল দল(সমূহ) | ব্ৰাজিল (৫টা খিতাপ) |
ৱেবচাইট | fifa |
ফুটবল বিশ্বকাপ ২০২২ |
বৰ্তমানৰ নিয়ম অনুসৰি বিশ্বকাপৰ মূল পৰ্ব (World Cup Finals)ত ৩২টা দলে আয়োজক দেশৰ বিভিন্ন স্থানত প্ৰতিযোগিতাত অৱতীৰ্ন হয়। এই প্ৰতিযোগিতা প্ৰায় এমাহ জুৰি চলে। বিশ্বকাপৰ মূল পৰ্বৰ পূৰ্বে প্ৰায় তিনি বছৰ জুৰি চলা প্ৰাৰম্ভিক পৰ্বৰ প্ৰতিযোগিতাৰ পৰা এই ৩২টা দলক নিৰ্বাচন কৰা হয়, এই দল সমূহৰ ভিতৰত আয়োজক দেশ(সমূহ)ও থাকে।
এতিয়ালৈকে অনুষ্ঠিত হোৱা মুঠ ২১খন বিশ্বকাপৰ খিতাপ মুঠ আঠখন দেশে অৰ্জন কৰিছে। ব্ৰাজিলে মুঠ পাঁচবাৰ এই খিতাপ দখল কৰিছে, আনহাতেদি ইটালীয়ে আৰু জাৰ্মানীয়ে চাৰিবাৰ, আৰ্জেণ্টিনা, ফ্ৰান্স আৰু প্ৰথম বিশ্বকাপ বিজয়ী উৰুগুৱেই মুঠ দুবাৰকৈ বিশ্বকাপৰ খিতাপ দখল কৰিছে। তদুপৰি ইংলেণ্ড আৰু স্পেইনে এবাৰকৈ বিশ্বকাপ দখল কৰিছে।
বিশ্বকাপ হৈছে বিশ্বজুৰি সকলোতকৈ বেছি দৰ্শকক আকৰ্ষণ কৰা ক্ৰীড়া সমাৰোহ, ২০০৬ চনৰ জাৰ্মানী বিশ্বকাপৰ দৰ্শকৰ সংখ্যা আছিল প্ৰায় ৭১৫.১ নিযুত।[2]
অহা দুখন বিশ্বকাপ ক্ৰমে কাটাৰে (২০২২) আৰু কানাডা, আমেৰিকা আৰু মেক্সিক'ত একেলগে (২০২৬) আয়োজন কৰিব।