ফ্লামেঙ্কো
স্পেনিছ সংগীত আৰু নৃত্যৰ ধাৰা / From Wikipedia, the free encyclopedia
ফ্লামেঙ্কো (স্পেনিছ উচ্চাৰণ: [flaˈmeŋko]) দক্ষিণ স্পেইনৰ বিভিন্ন লোককথাৰ সংগীত পৰম্পৰাৰ ওপৰত আধাৰিত এক কলা। ফ্লামেঙ্কো হৈছে এক জটিল কলা য'ত গায়ক, নৃত্যশিল্পী, গিটাৰবাদক আৰু অতি শেহতীয়াকৈ পাৰকাচনিষ্ট অন্তৰ্ভুক্ত।[1] লগতে ইয়াত এক নিৰ্দিষ্ট প্ৰকাৰৰ সংগীত, নৃত্য, গীন আৰু হাততালি, কবিতা, আৰু টিলিকি বজোৱা আদি শৈলী অন্তৰ্ভুক্ত হয়। "ফ্লামেঙ্কো" শব্দটোৰ উৎপত্তি ক'ত হৈছিল কোনেও সঠিককৈ নাজানে, কিন্তু সকলোৱে একমত হয় যে এই কলাৰ ৰূপটো দক্ষিণ স্পেইনৰ আন্দালুচিয়া আৰু মাৰ্চিয়াত আৰম্ভ হৈছিল।[2][3][4][5] এক বহল অৰ্থত, ফ্লামেঙ্কো শব্দটো দক্ষিণ স্পেইনৰ সমসাময়িক আৰু পৰম্পৰাগত দুয়োধৰণৰ সংগীতশৈলী বুজাবলৈ ব্যৱহাৰ কৰা হয়। ফ্লেমেঙ্কো ৰোমানৰ গীতানোসকলৰ (ৰোমৰ এটা যাযাবৰ সম্প্ৰদায়) সৈতে ওতঃপ্ৰোতভাৱে জড়িত বুলি জনাজাত। গীতানোসকলে ইয়াৰ উৎপত্তি আৰু পেছাদাৰীকৰণত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। অৱশ্যে, এই শৈলীত অনন্যভাৱে আন্দালুচিয়া আৰু ফ্লামেঙ্কো শিল্পীসকল লগতে গীতানো আৰু অ-গীতানো ঐতিহ্য সকলো মিশ্ৰিত হৈ আছে।[6] ফ্লামেংকো সংগীতৰ আটাইতকৈ পুৰণি উদ্ধৃতি ১৭৭৪ চনত জোচে কাডালছ'ৰ লাছ কাৰ্টাছ মাৰ্ৰুকাছ নামৰ কিতাপখনত পোৱা গৈছে।[7]যোৱা দুটা শতিকাত, ফ্লামেঙ্কোৰ নথিভুক্ত তথ্য আৰু উদ্ধৃতি পোৱা গৈছে। ফ্লামেঙ্কোৰ উদ্ধৃতি একক নাটক আৰু টোনাডিলাৰ থিয়েটাৰ চলাচল, জনপ্ৰিয় গীতৰ কিতাপ আৰু শ্বীট, ৰীতি-নীতি, নৃত্য আৰু সংগীত অধ্যয়ন, বাতৰি কাকত, লগতে চিত্ৰ আৰু খোদাই আদিত পোৱা গৈছে। সময়ৰ লগে লগে ফ্লামেঙ্কোৰ বিৱৰ্তন ঘটিছে, আৰু ইয়াৰ বিকাশ বিভিন্ন কাৰকৰ দ্বাৰা প্ৰভাৱিত হৈছে, যাৰ ভিতৰত আছে ছন্দ, কাব্যিক স্তৱক আৰু পৰিৱেশ।[8] ২০১০ চনৰ ১৬ নৱেম্বৰত ইউনেস্কো ফ্লেমেঙ্কোক "মানৱতাৰ মৌখিক আৰু অমূৰ্ত ঐতিহ্যৰ মাষ্টাৰপিচ" অন্যতম বুলি ঘোষণা কৰে।[9]