বহুৱা নাচ
From Wikipedia, the free encyclopedia
বহুৱা নাচ অসমৰ সোণোৱাল কছাৰীসকলৰ এক ধৰ্মীয় অনুষ্ঠান। সোণোৱাল কছাৰীসকলৰ কলা-কৃষ্টিৰ এক প্ৰকাশ হ’ল এই বহুৱা নাচ। ডিব্ৰুগড় জিলাৰ বৃহৎ জামিৰা অঞ্চলৰ ধমল গাঁৱত বসবাস কৰা সোণোৱাল কছাৰীসকলৰ মাজত অতীজৰে পৰা বহুৱা নাচ প্ৰচলন হৈ আহিছে। প্ৰতি দুবছৰৰ অন্তত তেওঁলোকে এই নাচৰ আয়োজন কৰে। এই নাচৰ আৰম্ভণি কেতিয়া হৈছিল সেই কথা তেওঁলোকে ক'ব নোৱাৰে কিন্তু তেওঁলোকৰ আজোককাকৰ দিনৰ পৰাই প্ৰচলিত আছিল বুলি বিশ্বাস কৰে।
এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |