বান কি-মুন
দক্ষিণ কোৰিয়াৰ ৰাজনীতিবিদ / From Wikipedia, the free encyclopedia
বান কি-মুন (ইংৰাজী: Ban Ki-moon) হৈছে দক্ষিণ কোৰিয়াৰ এগৰাকী ৰাজনীতিবিদ তথা কূটনীতিবিদ। তেওঁ ২০০৭ চনৰ জানুৱাৰীৰ পৰা ২০১৬ চনৰ ডিচেম্বৰ লৈকে ৰাষ্ট্ৰসংঘৰ অষ্টম মহাসচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মহাসচিব হোৱাৰ পূৰ্বে বান কি-মুনে দক্ষিণ কোৰিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত আৰু ৰাষ্ট্ৰসংঘত কূটনীতিবিদ হিচাপে কাম কৰিছিল। তেওঁ বিশ্ববিদ্যালয়ৰ স্নাতক শিক্ষা সমাপ্ত কৰাৰ বছৰতেই কূটনৈতিক সেৱাত প্ৰৱেশ কৰিছিল, আৰু ভাৰতৰ নতুন দিল্লীত তেওঁৰ প্ৰথম পদ গ্ৰহণ কৰিছিল।
বান কি-মুন | |
---|---|
২০০৮ চনত বান কি-মুন | |
ৰাষ্ট্ৰসংঘৰ অষ্টম মহাসচিব | |
কাৰ্যকাল ১ জানুৱাৰী ২০০৭ – ৩১ ডিচেম্বৰ ২০১৬ | |
সহকাৰী | আশা-ৰোজ মিগিৰো জেন ইলিয়াছন |
পূৰ্বসূৰী | ক'ফি আন্নান |
উত্তৰসূৰী | এণ্টনিও গুটেৰেছ |
ব্যক্তিগত তথ্য | |
জন্ম | ১৩ জুন, ১৯৪৪ (৭৯ বছৰ) ইনচেই, জাপানী কোৰিয়া[1][2] (বৰ্তমানৰ ইউমচেয়ং কাউণ্টি, দক্ষিণ কোৰিয়া) |
ৰাজনৈতিক দল | নিৰ্দলীয় |
দাম্পত্যসঙ্গী | য়ু চুন-টাইক |
সন্তান | ৩ |
শিক্ষা | চিউল নেচনেল ইউনিভাৰ্চি (কলা স্নাতক) হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় (স্নাতকোত্তৰ) |
স্বাক্ষৰ |
২০০৬ চনৰ ১৩ অক্টোবৰত তেওঁ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ দ্বাৰা অষ্টম মহাসচিব ৰূপে নিৰ্বাচিত হয়। ২০০৭ চনৰ ১ জানুৱাৰীত তেওঁ ক'ফি আন্নানৰ উত্তৰাধিকাৰী ৰূপে মহাসচিবৰ পদ গ্ৰহণ কৰে। মহাসচিব হিচাপে তেওঁ বিশ্বজুৰি শান্তি ৰক্ষা আৰু ৰাষ্ট্ৰসংঘৰ নিযুক্তি পদ্ধতিৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ সংস্কাৰৰ বাবে দায়বদ্ধ আছিল। কূটনৈতিকভাৱে বানে গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত বিশেষভাৱে শক্তিশালী দৃষ্টিভংগী গ্ৰহণ কৰিছিল, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বক এই বিষয়টো বাৰে বাৰে হেঁচা দিছিল। লগতে দাৰ্ফুৰ সংঘৰ্ষৰ ওপৰত তেওঁ চুদানৰ ৰাষ্ট্ৰপতি ওমৰ আল-বছিৰক শান্তিৰক্ষী সৈন্যক চুদানত প্ৰৱেশ কৰিবলৈ অনুমতি দিবলৈ প্ৰেৰিত কৰিছিল।[3][4]
২০১৬ চনৰ ৩১ ডিচেম্বৰত তেওঁ মহাসচিব পদৰ কাৰ্যকাল সমাপ্ত হয় আৰু সাধাৰণ সভাই তেওঁৰ উত্তৰাধিকাৰী হিচাপে এণ্টনিও গুটেৰেছক নিযুক্তি দিয়ে।[5] তেওঁক ২০১৭ চনৰ দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সম্ভাৱ্য প্ৰাৰ্থী হিচাপে গণ্য কৰা হৈছিল,[6] পিছে তেওঁ ঘোষণা কৰে যে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে।[7]