বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম
From Wikipedia, the free encyclopedia
বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম এটা আৰবী বাক্যবন্ধ; যাৰ অৰ্থ- পৰম কৰুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছো। সংক্ষেপত কোৱা হয়- বিছমিল্লাহ। পৱিত্ৰ কোৰআনৰ ১১৪টা ছূৰাৰ মাজত ছূৰা আত-তৌবাহৰ বাহিৰে অন্য বাকী ১১৩টা ছূৰা "বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম" দি আৰম্ভ কৰা হৈছে। ইয়াৰ উপৰিও হাদিছৰ পৰা জনা যায়, মহানবী মুহাম্মাদ চাল্লাহু আলাইহি ওয়াছাল্লাময়ে প্ৰতিটো কামৰ আৰম্ভণি কৰাৰ আগতে "বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম" কোৱাৰ পাছত আৰম্ভ কৰিছিল। বহুত কামত "বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম" কোৱা বা লিখাৰ নিৰ্দেশনা আছে। বিধানগত বিচাৰত ই মাছনূন বা মুস্তাহাব হ'লেও ইয়াৰ তাৎপৰ্য অত্যন্ত গভীৰ।[1]