বিশ্বকাপ ক্ৰিকেট ২০২৩
ক্ৰিকেট বিশ্বকাপ / From Wikipedia, the free encyclopedia
বিশ্বকাপ ক্ৰিকেট ২০২৩ হৈছে ২০২৩ চনত ভাৰতত আয়োজিত হোৱা এক ক্ৰীড়া প্ৰতিযোগিতা।[1] ২০১৩ চনৰ জুন মাহত অনুষ্ঠিত এক সভাত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংসদে এই প্ৰতিযোগিতাখন ভাৰতত পতাৰ সিদ্ধান্ত লয়।[2] ই হৈছে ত্ৰয়োদশ সংখ্যক বিশ্বকাপ ক্ৰিকেট, ভাৰতে চতুৰ্থ বাৰৰ বাবে আয়োজন কৰে। ১৯৮৭ চনত (পাকিস্তানৰ সৈতে), ১৯৯৬ চনত (পাকিস্তান আৰু শ্ৰীলংকাৰ সৈতে) আৰু ২০১১ চনত (শ্ৰীলংকা আৰু বাংলাদেশৰ সৈতে) চনত যুটীয়াভাৱে তিনিবাৰ বিশ্বকাপ ক্ৰিকেট আয়োজন কৰাৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতে এককভাৱে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰে।
এই প্ৰৱন্ধত এক শেহতীয়া ঘটনাৱলী নথিকৰণ কৰা হৈছে। ঘটনাৱলীৰ অগ্ৰগতিৰ লগেলগে তথ্যবোৰ সলনি হ'বও পাৰে, আৰু বাতৰিৰ প্ৰাথমিক প্ৰতিবেদন বিশ্বাসযোগ্য নহ'বও পাৰে। এইপ্ৰৱন্ধৰ শেহতীয়া নবীকৰণে একেবাৰে শেহতীয়া তথ্যবোৰ প্ৰতিফলিত নকৰিবও পাৰে। |
ক্ষিপ্ৰ তথ্য আইচিচি বিশ্বকাপ ক্ৰিকেট ২০২৩, দিনাংক ...
আইচিচি বিশ্বকাপ ক্ৰিকেট ২০২৩ | |
---|---|
আনুষ্ঠানিক প্ৰতীক | |
দিনাংক | ৯ ফেব্ৰুৱাৰী – ২৬ মাৰ্চ ২০২৩ |
প্ৰশাসক(সমূহ) | আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংসদ |
ধৰণ | এদিনীয়া আন্তঃৰাষ্ট্ৰীয় |
প্ৰতিযোগিতাৰ ধৰণ(সমূহ) | ৰাউণ্ড ৰবিন আৰু নকআউট |
আয়োজক(সমূহ) | ভাৰত |
বিজয়ী | অষ্ট্ৰেলিয়া (৬ষ্ঠ বাৰৰ বাবে) |
দলৰ সংখ্যা | ১০ |
← ২০১৯ ২০২৭ → |
বন্ধ কৰক