বি. এফ. স্কিনাৰ
From Wikipedia, the free encyclopedia
বুৰ্হ ফ্ৰেডৰিক স্কিনাৰ (ইংৰাজী: Burrhus Frederic Skinner; ২০ মাৰ্চ, ১৯০৪ – ১৮ আগষ্ট, ১৯৯০) এজন আমেৰিকান মনোবিজ্ঞানী, আচৰণবিদ, উদ্ভাৱক আৰু সমাজ দাৰ্শনিক আছিল।[1][2][3][4] ১৯৫৮ চনৰ পৰা ১৯৭৪ চনত অৱসৰ লোৱালৈকে তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ এডগাৰ পিয়ৰ্ছ অধ্যাপক (Edgar Pierce Professor) আছিল।[5]
মুক্ত ইচ্ছাক ভ্ৰম বুলি বিবেচনা কৰি স্কিনাৰে মানুহৰ কাৰ্য্যক পূৰ্বৰ কাৰ্য্যৰ পৰিণতিৰ ওপৰত নিৰ্ভৰশীল বুলি প্ৰতিপন্ন কৰিছিল। এই তত্ত্বটো তেওঁ শক্তিশালীকৰণৰ নীতি (principle of reinforcement) হিচাপে উল্লেখ কৰিছিল: যদি কোনো কাৰ্য্যৰ পৰিণতি বেয়া হয়, তেন্তে সেই কাৰ্যটো পুনৰাবৃত্তি নোহোৱাৰ সম্ভাৱনা অতি বেছি; যদি পৰিণতি ভাল হয়, তেন্তে কাৰ্য্যটো পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা অধিক শক্তিশালী হৈ পৰে।[6]
স্কিনাৰে আচৰণৰ বিশ্লেষণ বিশেষকৈ আমূল আচৰণবাদৰ দৰ্শন[7] বিকশিত কৰিছিল আৰু আচৰণৰ পৰীক্ষামূলক বিশ্লেষণ নামৰ পৰীক্ষামূলক গৱেষণা মনোবিজ্ঞানৰ এটা ধাৰা প্ৰতিষ্ঠা কৰিছিল। তেওঁ সঁহাৰিৰ শক্তি জুখিবৰ বাবে সঁহাৰিৰ হাৰক আটাইতকৈ ফলপ্ৰসূ বুলি বিবেচনা কৰি আচৰণ শক্তিশালী কৰিবলৈ অপাৰেণ্ট কণ্ডিচনিং (operant conditioning) ব্যৱহাৰ কৰিছিল। অপাৰেণ্ট কণ্ডিচনিং অধ্যয়ন কৰিবলৈ তেওঁ অপাৰেণ্ট কণ্ডিচনিং চেম্বাৰ (operant conditioning chamber) আৱিষ্কাৰ কৰে,[6] আৰু হাৰ জুখিবলৈ তেওঁ ক্ৰমবৰ্ধমান ৰেকৰ্ডাৰ উদ্ভাৱন কৰে। এই সঁজুলিসমূহ ব্যৱহাৰ কৰি তেওঁ আৰু চাৰ্লছ ফাৰ্ষ্টাৰে ১৯৫৭ চনত স্কিনাৰৰ আটাইতকৈ প্ৰভাৱশালী পৰীক্ষামূলক গ্ৰন্থ “Schedules of Reinforcement” প্ৰকাশ।[8][9]
স্কিনাৰ এজন লেখকো আছিল, তেওঁ ২১ খন কিতাপ আৰু ১৮০ টা প্ৰবন্ধ প্ৰকাশ কৰিছিল।[10] ১৯৪৮ চনত প্ৰকাশিত তেওঁৰ ইউটোপিয়ান উপন্যাস ৱাল্ডেন টুত (Walden Two) তেওঁৰ ধাৰণাসমূহ প্ৰয়োগ কৰি কল্পনা কৰা এখন মানৱ সমাজৰ বিষয়ে বৰ্ণনা কৰিছিল,[2] আনহাতে ১৯৫৮ চনত প্ৰকাশিত গ্ৰন্থ ভাৰ্বেল বিহেভিয়াৰত (Verbal Behavior) তেওঁ কৰা মানৱ আচৰণৰ বিশ্লেষণৰ প্ৰভাৱ পৰিছিল।[11]
স্কিনাৰ, জন বি. ৱাটছন আৰু ইভান পাভলভক আধুনিক আচৰণবাদৰ পথ প্ৰদৰ্শক হিচাপে গণ্য কৰা হয়। সেইদৰে ২০০২ চনৰ জুন মাহত কৰা এক সমীক্ষাত বিংশ শতিকাৰ আটাইতকৈ প্ৰভাৱশালী মনোবিজ্ঞানী হিচাপে স্কিনাৰক তালিকাভুক্ত কৰা হৈছিল।[12]