ব্লু ৰে ডিস্ক
ডিজিটেল অপটিকেল ডিস্ক ফৰ্মেট / From Wikipedia, the free encyclopedia
ব্লু ৰে ডিস্ক (ইংৰাজী: Blu-ray Disc) হৈছে হাই ডেফিনেশ্বন (HD) ভিডিঅ’ আৰু বৃহৎ পৰিমাণৰ তথ্য সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা এবিধ আলোকীয় (অপ্টিকেল) ডিস্ক। ই চিডি বা ডিভিডি এখনৰ সৈতে সমান আকাৰৰ, এখন চিডিয়ে ৭০০ এম বি আৰু এখন ডিভিডিয়ে ৪.৭ জিবি সংৰক্ষণ কৰিবৰ পৰাৰ বিপৰীতে এখন ব্লু ৰে ডিস্কে প্ৰতিটো তৰপ(প্ৰলেপ)ত ২৫ জিবি তথ্য সংৰক্ষণ কৰিব পাৰে। দ্বৈত প্ৰলেপৰ এনে এখন ডিস্কে ৫০জিবি পৰ্যন্ত তথ্যা সংৰক্ষণ কৰিব পাৰে। ই প্ৰায় চাৰি ঘন্টাৰ HD ভিডিঅ’ সংৰক্ষণ কৰিব পাৰে। তিনিটা আৰু চাৰিটা প্ৰলেপ থকা এনে ডিস্ক এখনে ক্ৰমে ১০০ আৰু ১২৮ জিবি তথ্য ৰাখিব পাৰে, ব্লু ৰে ডিস্কত সংৰক্ষিত শব্দ বজাব(প্লে কৰিব)ৰ বাবে BD-ROM প্লেয়াৰ এটাই ড’লবি ডিজিটেল, ডি টি এছ(DTS) আৰু ৰৈখিক এম টি এছ (MTS) সমৰ্থন কৰাতো উচিত। ব্লু ৰে ডিস্ক এখনক পঢ়িবৰ বাবে প্ৰয়োজন হোৱা নীলা-বেঙুণীয়া লেজাৰ ৰশ্মিৰ পৰা এই ডিস্কৰ "ব্লু ৰে" শব্দ দুটা আহিছে। আনহাতেদি ডিভিডি এখন পঢ়িবৰ বাবে তুলনামূলক ভাবে অধিক তৰংগদৈৰ্ঘৰ ৰঙা লেজাৰ ব্যৱহাৰ কৰা হয়। নীলা লেজাৰক কম ঠাইতেই অভিসাৰিত কৰিবৰ পৰাৰ বাবে, ডিভিডিৰ তুলনাত এনে ডিস্কত অধিক ঘনত্বত তথ্য সংৰক্ষণ কৰিব পৰা যায়। ডাৰ্ক নাইট নামৰ ব্লু ৰে ডিস্ক বিধ মুক্তিৰ প্ৰথম সপ্তাহতে এক নিযুত খন বৃদ্ধি হোৱা প্ৰথমবিধ এনে ডিস্ক আছিল। ই ডিভিডিত কৈ অধিক দাগ ৰোধী।
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
মিডিয়াৰ প্ৰকাৰ | উচ্চ তথ্য ঘনত্বৰ আলোক (অপ্টিকেল) ডিস্ক |
---|---|
এনক’ডিং | H.262/MPEG-2 Part 2 H.264/MPEG-4 AVC VC-1 |
ক্ষমতা | ২৫ জিবি (একক-প্ৰলেপ) ৫০ জিবি (দ্বৈত-প্ৰলেপ) ১০০/১২৮জিবি (BDXL) |
ব্লকৰ আকাৰ | ৬৪কেবি ইচিচি |
পঢ়ন প্ৰক্ৰিয়া | 405 nm diode laser: 1× @ 36 Mbit/s (4.5 MB/s) |
বিকাশ কৰিছে | ব্লু-ৰে ডিস্ক এচ’ছিয়েচন[1] |
মাত্ৰা | ১২০ মিমি ব্যাস ১.২ মিমি ডাঠ[2] |
ব্যৱহাৰ | তথ্য সংৰক্ষণ হাই ডেফিনেশ্বন ভিডিঅ’ (১০৮০পিক্সেল) ইন্টেল হাই ডেফিনেশ্বন অ’ডিঅ’ ষ্টেৰিঅ’স্ক’পিক 3D (ত্ৰিমাত্ৰিক) প্লে ষ্টেচন গেমসমূহ |